নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ মিনিটত ক’ৰোনা ধ্বংস কৰিবলৈ আহি আছে চীনৰ বিশেষ ৰবট

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি ক’ৰোনামুক্ত কৰাৰ এক যুঁজ আৰম্ভ হৈছে । বিশ্বৰ ভিন্ন প্ৰান্তৰ বিশেষজ্ঞ চিকিৎসকসকল এতিয়া ব্যস্ত হৈ পৰিছে ক’ৰোনা প্ৰতিৰোধৰ বাবে । বিশ্বৰ প্ৰতিখন চহৰ নগৰ চেনিটাইজ কৰাৰ প্ৰক্ৰিয়াও অব্যাহত আছে । আনহে নালাগে অসমৰ গুৱাহাটী মহানগৰীতো মঙলবাৰে নিশা পৌৰ নিগম আৰু জৰুৰীকালীন সেৱাৰ সহযোগত বহু অঞ্চল চেনিটাইজ কৰা হয় । ইফালে , নলবাৰীতো বুধবাৰে দিনৰ ভাগত প্ৰশাসনৰ তৰফৰ পৰা চেনিটাইজেচনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় । চীনৰ য়ুহান প্ৰদেশৰ চি ফুডৰ বজাৰৰ পৰা বিশ্বৰ ভিন্ন প্ৰান্তলৈ বিয়পি পৰা ক’ৰোনাৰ ত্ৰাস ৰোধিবলৈ এইবাৰ চীনে গ্ৰহণ কৰিছে এক অভিনৱ পন্থা । ঔষধ অথবা কীটনাশক নহয় চীনে এক বিশেষ ৰবটৰ ব্যৱহাৰৰ জৰিয়তে আৰম্ভ কৰিছে ক’ৰোনামুক্ত অভিযান । কোৱা হৈছে যে , এই বিশেষ ৰবটে মাত্ৰ ২০ মিনিটতে ধ্বংস কৰিবলৈ সক্ষম হৈছে ক’ৰোনা ।

চীনৰ বিভিন্ন হাস্পতালত ইতিমধ্যে কাম আৰম্ভ কৰিছে এই বিশেষ ইউভিডি ৰবটে । ইউভিডি হৈছে মূলত এটা লাইট ৰবট । বীজাণুনাশক পোহৰৰশ্মিৰ সহায়ত এই ৰবটে নাশ কৰিছে ক’ৰোনা ভাইৰাছ । ইউভিডি ৰবটৰ উপ-প্ৰধান চাইমন এলিচনে জনোৱা অনুসৰি য়ুহানৰ পৰা এছিয়া আৰু ইউৰোপৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈছে এই বিশেষ ৰবটটো । ইটালীয়েও ইতিমধ্যে এই ৰবটৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে । সকলোকে এইক্ষেত্ৰত সহায় কৰাৰ বাবেও প্ৰস্তুত বুলি জানিবলৈ দিয়ে এলিচনে ।

ডেনমাৰ্কৰ ওডেনচেই চহৰত ব্লু উচান ৰ’বোটিক্স নামৰ এটা কোম্পানীয়ে প্ৰস্তুত কৰি উলিয়াইছে ইউভিডি ৰবট । উচ্চ আলোক শক্তিসম্পন্ন ইউভিডি ৰবটে ক’ৰোনা ভাইৰাছ ধ্বংস কৰিব পাৰিছে নে নাই সেই সম্বন্ধে অৱশ্যে বৰ্তমানেও অব্যাহত আছে পৰীক্ষা । কিন্তু এই ইউভিডিয়ে যে বহু মাৰাত্মক ভাইৰাছ ধ্বংস কৰিবলৈ সক্ষম হৈছে সেইটো ইতিমধ্যে প্ৰমাণিত হৈছে । আঠটা বাল্বৰ সমন্বয়ত তৈয়াৰ কৰা এই ৰবটৰ পৰা আল্ট্ৰাভায়’লেট ৰে নিৰ্গত হয় । কোনো অঞ্চল জনশূন্য কৰি এই ৰবটে পোহৰ বিকিৰণ কৰে । ৬৭ হাজাৰ মাৰ্কিন ডলাৰ মূল্যৰ এই ৰবটে ক’ৰোনা ভাইৰাছ মোকাবিলাৰ ক্ষেত্ৰতো কাৰ্যকৰী হ’ব বুলি জানিবলৈ দিছে নিৰ্মাণকাৰী সংস্থাই । ব্লু উচান ৰ’বোটিক্স আৰু ওডেন্স বিশ্ববিদ্যালয়ৰ গৱেষকসকলে বিগত ছয় বছৰ ধৰি এই ৰবট প্ৰস্তুতৰ বাবে চেষ্টা চলাইছিল ।

You might also like