২১ ফেব্রুৱাৰীত ভাৰত ভ্রমণ কৰিব ট্রাম্পে
নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আগন্তুক ২১ৰ পৰা ২৪ ফেব্রুৱাৰীৰ ভিতৰত ভাৰত ভ্রমণ কৰিব পাৰে৷ এই ভ্রমণসূচীৰ সময়ত গুজৰাটৰ আহমেদাবাদত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে যৌথ কার্যসূচীত মিলিত হোৱাৰ সম্ভাৱনা আছে বিশ্বৰ মহাপৰাক্রমী ৰাষ্ট্রখনৰ শীর্ষ নেতাগৰাকী৷
অৱশ্যে এই সন্দর্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই৷ হোৱাইট হাউছৰ এক সূত্রই সদৰী কৰিছে এই সূত্র৷
উল্লেখনীয় যে আগন্তুক ২৪ ফেব্রুৱাৰীৰ পৰা ৩০ মার্চলৈ জেনেভাত অনুষ্ঠিত হ’ব ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ পৰিষদৰ সন্মিলন৷ এই সন্মিলনত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে কঠোৰ স্থিতি গ্রহণ কৰাৰ প্রস্তুতি চলাই থকা সময়তে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে যদি ভাৰত ভ্রমণ কৰে সেয়া হ’ব লক্ষণীয় ঘটনা৷ অৱশ্যে ভাৰত তথা আমেৰিকাৰ পৰা এই সন্দর্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই৷