অৰুণাচলৰ পৰা লাডাখলৈ সীমান্তত ১.২০ লাখ চীনা সেনা
🔹 ভাৰতৰ বিৰুদ্ধে ৰঙা চীনৰ ভয়ংকৰ ষড়যন্ত্ৰ !
🔹 আগ্রাসী বেইজিঙৰ সমৰসজ্জাৰ বিস্ফোৰক তথ্য
🔹 টেংক–হাউইৎজাৰ কামান–ক্ষেপণাস্ত্রসহ অত্যাধুনিক অস্ত্র–শস্ত্রৰে সুসজ্জিত হৈ আছে পিএলএ বাহিনী
নিউজ ডেস্ক, ২৬ ডিচেম্বৰ : আগ্রাসী বেইজিঙৰ সমৰসজ্জাৰ আন এক বিস্ফোৰক তথ্য উন্মোচিত হৈছে আমেৰিকাৰ শেহতীয়া এক প্রতিবেদনত৷ মার্কিন প্রতিৰক্ষা দপ্তৰ ‘পেণ্টাগন’–এ যোৱা ১৮ ডিচেম্বৰত প্রকাশ কৰা এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি অৰুণাচল প্রদেশৰ পৰা লাডাখ পর্যন্ত প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত মোতায়েন কৰা হৈছে চীনা সেনা বাহিনী পিপলছ লিবাৰেচন আর্মীৰ ১.২০ লাখতকৈও অধিক বিষয়া–জোৱান৷ ‘পেণ্টাগন’ৰ মিলিটেৰী এণ্ড ছিকিউৰিটী ডেভেলপমেণ্ট ইনভলভিং দ্য পিপলছ ৰিপাব্লিক অৱ চাইনা শীর্ষক প্রতিবেদনখনৰ উদ্ধৃতিৰে একাধিক ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২০ চনৰ ৰক্তক্ষয়ী গালোৱান সংঘর্ষৰ পিছত এলএচিত চীনে সেনা মোতায়েন মুঠেই হ্রাস কৰা নাই৷ বৰঞ্চ অৰুণাচলৰ পৰা লাডাখলৈকে ৩,৪৮৮ কিলোমিটাৰজোৰা এলএচিত ১.২০ লাখতকৈও অধিক সুসজ্জিত সৈন্য মোতায়েন কৰি আহিছে৷ ৰঙা চীনৰ ড্রেগন বাহিনীয়ে সীমান্তত কেনেধৰণৰ অস্ত্র–শস্ত্র মজুত কৰি ৰাখিছে, তাৰ বিষয়েও সবিশেষ উল্লেখ কৰা হৈছে প্রতিবেদনখনত৷ ‘পেণ্টাগন’ৰ দাবী– এলএচিত নিয়োজিত হৈ থকা ৰঙা চীনৰ সেনা বিষয়া–জোৱানৰ হাতত আছে টেংক, হাউইৎজাৰ কামান, ভূমিৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্র আৰু অত্যাধুনিক বিভিন্ন ধৰণৰ অস্ত্র–শস্ত্র৷ প্রতিবেদনখনত আন এক উদ্বেগজনক বিষয় সন্নিৱিষ্ট হৈছে৷ সেয়া হ’ল– এলএচিৰ পূব, পশ্চিম আৰু মধ্যৱর্তী একাধিক কৌশলগত এলেকাত যুদ্ধৰ বাবে সষ্টম কৰি ৰখা হৈছে পিএলএৰ অন্ততঃ ২০টা সন্মিলিত অস্ত্র ব্রিগেড৷ যাক কোৱা হয় কম্বাইণ্ড আর্মছ ব্রিগেড৷ সাধাৰণতে ভাৰতৰ সৈতে সংলগ্ণ এলএচি তদাৰক কৰে চীনা লাল ফৌজৰ ৱেষ্টার্ন থিয়েটাৰ কমাণ্ডে৷ ‘পেণ্টাগন’ৰ মতে, পিএলএৰ বিষয়াবর্গই সীমান্তৰ নিৰাপত্তাক সর্বাধিক গুৰুত্ব দিছে৷ অৱশ্যে এলএচিৰ পৰা কম্বাইণ্ড আর্মছ ব্রিগেডৰ কেইবাটাও ইউনিট ইতিমধ্যে ছাউনীলৈ উভতি যোৱাৰ কথাও উল্লেখ কৰা হৈছে প্রতিবেদনত৷ কিন্তু তৎসত্ত্বেও এতিয়াও সীমান্তত নিয়োজিত হৈ আছে বিপুলসংখ্যক চীনা সৈন্য৷ উল্লেখ্য যে ২০২০ চনত পূব লাডাখৰ গালোৱান উপত্যকাত আগ্রাসী মনোভাবেৰে অৱতীর্ণ হৈছিল ড্রেগন বাহিনী৷ পিএলএৰ আকস্মিক আক্রমণত ভাৰতীয় সেনাৰ এজন কর্নেলসহ মুঠ ২০জন জোৱানে প্রাণ হেৰুৱাইছিল৷ ভাৰতীয় সেনাৰ প্রতি–আক্রমণত ৪০–৪৫জন চীনা সৈন্যৰ মৃত্যু হোৱা বুলি আমেৰিকাই দাবী কৰি আহিছে যদিও সেয়া কেতিয়াও স্বীকাৰ কৰা নাই বেইজিঙে৷ গালোৱানৰ ৰক্তক্ষয়ী সংঘর্ষৰ পিছতে ভাৰতেও পিএলএত সেনাৰ তৎপৰতা বৃদ্ধি কৰে৷ ইয়াৰ সমান্তৰালভাৱে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ অনাৰ বাবে দুয়োপক্ষৰ সেনা বিষয়াৰ মাজত কেইবাটাও পর্যায়ত বৈঠক অনুষ্ঠিত হয়৷ অৱশেষত যোৱা নৱেম্বৰ মাহত দুয়োখন দেশে উপনীত হয় এক গুৰুত্বপূর্ণ সিদ্ধান্তত৷ নতুন দিল্লীৰ তৰফৰ পৰা জনোৱা হয় যে ২০২০ চনৰ গালোৱানৰ ঘটনাৰ পূর্বৰ অৱস্থানলৈ উভতি যোৱাৰ ক্ষেত্রত সন্মতি প্রকাশ কৰিছে চীনা সেনা বাহিনীয়ে৷ কিন্তু ঠিক তাৰ এমাহ পিছতেই ‘পেণ্টাগন’–এ প্রকাশ কৰা উক্ত প্রতিবেদন যথেষ্ট তাৎপর্যৰূপে চিহ্ণিত হৈছে৷ কিহৰ ভিত্তিত আমেৰিকাই এনেধৰণৰ তথ্য পোহৰলৈ আনিলে তাক লৈ একাংশ বিশ্লেষকে প্রশ্ণ উত্থাপন কৰিছে৷ অৱশ্যে নতুন দিল্লীয়ে বর্তমান পর্যন্ত আনুষ্ঠানিকভাৱে কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷ ইফালে, আমেৰিকাৰ প্রতিবেদনখনত চীনৰ পাৰমাণৱিক শক্তি বৃদ্ধিৰ বিষয়টোৱে স্থান লাভ কৰিছে৷ ‘পেণ্টাগন’ৰ দাবী– চলিত বর্ষৰ মাজভাগ পর্যন্ত পিএলএৰ হাতত আণৱিক অপাৰেচনেল ৱাৰহেডৰ সংখ্যা আছিল ৬০০টা৷ পিছে ২০৩০ চনৰ ভিতৰত এই সংখ্যা ১,০০০ৰ ঘৰ অতিক্রম কৰিব৷ তদুপৰি ইণ্টাৰ কণ্টিনেণ্টেল বেলিষ্টিক মিছাইলৰ সংখ্যা চীনে বঢ়াই গৈ আছে৷ নতুন নতুন সামৰিক প্রযুক্তিৰ ওপৰতো অধিক গুৰুত্ব প্রদান কৰিছে বেইজিঙে৷ প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি ৰাষ্ট্রপতি জি ঝিনপিঙে ৮ৰ পৰা ১০টা ক্ষেত্রত সেনাৰ আধুনিকীকৰণৰ বাবে নির্দেশ জাৰি কৰিছে৷ স্থল–বায়ু–নৌসেনাক অত্যাধুনিক অস্ত্র–শস্ত্রৰে সজাই তোলাৰ সমান্তৰালভাৱে পাৰমাণৱিক অস্ত্র, মহাশূন্যত সামৰিক সক্ষমতা, ইলেক্ট্র’নিক যুদ্ধ কৌশল আৰু চাইবাৰ আক্রমণৰ সক্ষমতা বৃদ্ধি কৰাত তেওঁ অধিক গুৰুত্ব দিছে৷ ‘পেণ্টাগন’ৰ প্রতিবেদনখনত টাইৱানৰ কথাও উল্লেখ কৰা হৈছে৷ প্রশান্ত মহাসাগৰৰ এই দ্বীপৰাষ্ট্রখনক দীর্ঘদিন ধৰি নিজৰ অবিচ্ছেদ্য অংশ বুলি দাবী কৰি আহিছে চীনে৷ টাইৱানক লৈ সামৰিক আখৰা বঢ়াই গৈ আছে চীনা নৌসেনাই৷ ইয়াৰ উপৰি ইউক্রেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে ৰাছিয়াৰ সৈতে চীনৰ সম্পর্ক আৰু অধিক মজবুত হোৱা বুলি কোৱা হৈছে৷ বিগত দুটা বছৰত মস্কোক একাধিক সামৰিক সৰঞ্জাম ধাৰাবাহিকভাৱে সৰবৰাহ কৰিছে বেইজিঙে৷ পূব ইউৰোপৰ যুদ্ধত এই সামৰিক সৰঞ্জামসমূহ ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ব্যৱহাৰ কৰিছে৷ আমেৰিকাৰ উক্ত প্রতিবেদনখনে সর্বত্র চর্চা লাভ কৰাৰ সময়তে প্রতিক্রিয়া প্রকাশ কৰিছে চীনে৷ বেইজিঙৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্রই এই সন্দর্ভত কয় যে ভাৰতৰ সৈতে আমাৰ সম্পর্ক ভাল হৈছে৷ যিটো আমেৰিকাৰ সহ্য হোৱা নাই৷ সেয়েহে প্রৰোচিত কৰিবলৈ এনেধৰণৰ ভুল তথ্য প্রচাৰ কৰা হৈছে৷ আমেৰিকাক যুদ্ধবাজ দেশ বুলিও বেইজিঙৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্রজনে কটাক্ষ কৰে৷