নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ লাখ আফগান লোকক পাকিস্তান ত্যাগৰ নির্দেশ

🔹 শৰণার্থীৰ বিৰুদ্ধে কঠোৰ ইছলামাবাদ

বিশেষ বাৰ্তা, ৫ অক্টোবৰ : আফগান শৰণার্থীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে পাকিস্তানে৷ পাকিস্তান চৰকাৰে অনথিভুক্ত ১৭ লাখ আফগান আশ্রয়প্রার্থীক নৱেম্বৰৰ ভিতৰত দেশ এৰাৰ নির্দেশ দিছে৷ অর্থাৎ এই লোকসকলে আগন্তুক নৱেম্বৰৰ ভিতৰত পাকিস্তান ত্যাগ কৰিব লাগিব৷ উল্লেখনীয় যে দুয়োখন দেশৰ সীমান্তত সন্ত্রাসবাদীৰ আক্রমণ বৃদ্ধি পোৱাৰ পিছতে আফগান নাগৰিকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ সিদ্ধান্ত লৈছে পাকিস্তান চৰকাৰে৷ আফগানিস্তানত তালিবান পুনৰ ক্ষমতালৈ অহাৰ পিছতে পাকিস্তানত সন্ত্রাসবাদীৰ কূটাঘাত বৃদ্ধি পাইছে৷ বিভিন্ন সময়ত নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে সীমান্ত অঞ্চলত আত্মঘাতী আক্রমণ চলাইছে তালিবানসহ বিভিন্ন সন্ত্রাসবাদী সংগঠনে৷ গতিকে দেশখনত থকা ১৭ লাখ আফগান লোকক লৈ শংকিত পাকিস্তান চৰকাৰ৷ শেহতীয়া নির্দেশনাত এই কথা স্পষ্ট কৰি দিলে পাক চৰকাৰে৷

You might also like