নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুইত জাহ ১০ অলিম্পিক পদক : লছ এঞ্জেলছৰ বনজুইত সর্বস্বান্ত সাঁতোৰবিদ

নিউজ ডেস্ক, ১২ জানুৱাৰী : ভয়ানক বনজুইৰ গ্রাসত লছ এঞ্জেলছ৷ চেলিব্রিটীৰ পৰা সাধাৰণ মানুহলৈকে সকলোৰে ঘৰ জুইৰ শিখাই আগুৰি ধৰিছে৷ ইয়াৰে এজন হৈছে গেৰী হাল জুনিয়ৰ৷ এইগৰাকী আমেৰিকান সাঁতোৰবিদে অলিম্পিকত ১০টা পদক লাভ কৰিছে৷ কিন্তু তেওঁৰ প্রতিটো পদক জুইত জ্বলি গ’ল৷ সকলো হেৰুৱাই এতিয়া হতাশাত ভাগি পৰিছে গেৰী৷ ২০০০ চনৰ ছিডনী আৰু ২০০৪ চনৰ এথেন্স অলিম্পিকত গেৰীয়ে সাঁতোৰত মুঠ ৫টাকৈ স্বর্ণ পদক লাভ কৰিছিল৷ ইয়াৰ উপৰি তেওঁ ৩টা ৰূপ আৰু ২টা ব্রঞ্জৰ পদকো লাভ কৰিছিল৷ সাঁতোৰবিদ হিচাপে নিজৰ কেৰিয়াৰ শেষ হোৱাৰ পিছত গেৰীয়ে লছ এঞ্জেলছত এটা ঘৰ ভাৰাত লয়৷ তাতে নতুন ব্যৱসায় এটাও আৰম্ভ কৰিলে৷ কিন্তু সেই সকলোবোৰ জুইৰ শিখাত জাহ যায়৷ জীৱনতকৈও মৰমৰ ১০টা অলিম্পিক পদকো জুইত বিলীন হয়৷ সকলো হেৰুৱাই গেৰী হতাশাত ভুগিছে৷ এটা সাক্ষাৎকাৰত তেওঁ কয়– ‘এই জুহ পৃথিৱীখন ধ্বংস হোৱাৰ বিষয়ে মই চোৱা চিনেমাতকৈ হাজাৰগুণ বেছি ভয়ংকৰ৷’ ঘৰৰ চাৰিওফালে জুইৰ সূত্রপাত ঘটিছিল৷ কেনেবাকৈ গাড়ীত জঁপিয়াই পলাই আহিলোঁ৷ মোৰ কুকুৰটো আৰু আন কেইটামান প্রয়োজনীয় বস্তু লৈ যাবলৈহে সময় আছিল৷ অলিম্পিকৰ পদক অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ৷ ‘কিন্তু সিহঁতক নিবলৈ সময়ো নাছিল৷’ মন কৰিবলগীয়া যে বনজুইত একেৰাহে চাৰি দিন ধৰি জ্বলি আছে কেলিফর্নিয়া৷

You might also like