নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধাৰৰে সংযোগ নাই, বাতিল ১১ কোটি পান কার্ড

বিশেষ বাৰ্তা, ১২ নৱেম্বৰ : সময়সীমা মানি আধাৰকার্ডৰ সৈতে সংযোগ নকৰাৰ ফলত বাতিল হৈ গৈছে দেশৰ ১১ কোটিতকৈ অধিক নাগৰিকৰ পান কার্ড৷ তথ্য জনাৰ অধিকাৰ আইনত কৰা এটা প্রশ্ণৰ উত্তৰত আয়কৰ বিভাগে এই তথ্য সদৰী কৰিছে৷ পান কার্ডৰ সৈতে আধাৰ সংযোগ কৰাৰ বাবে চলিত বর্ষৰ ৩০ জুন পর্যন্ত সময়সীমা বান্ধি দিছিল আয়কৰ বিভাগে৷ জনোৱা হৈছিল নির্ধাৰিত সময়ৰ ভিতৰত আধাৰ–পান কার্ড সংযোগ নকৰিলে বাতিল কৰা হ’ব পান কার্ড৷ আৰ টি আই কর্মী চন্দ্রশেখৰ গৌড়ে এই সন্দর্ভত আয়কৰ বিভাগৰ ওচৰত তথ্য জানিব বিচাৰিছিল৷ গৌড়ৰ প্রশ্ণৰ উত্তৰত আয়কৰ বিভাগে জনায় যে দেশত মুঠ ৭০ কোটি ২৪ লাখ নাগৰিকৰ পান কার্ড আছে৷ ইয়াৰে ৫৭ কোটি ২৫ লাখ পান কার্ড আধাৰৰ সৈতে সংযোগ কৰা হৈছে৷ বাকী ১২ কোটি পান কার্ডৰ আধাৰৰ সৈতে সংযোগ হোৱা নাই৷ ইয়াৰে ১১ কোটি পান কার্ড বাতিল কৰা হৈছে৷

You might also like