নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ‘ৰং’ চেনেলত সম্প্রচাৰ নতুন ধাৰাবাহিক ‘ফুটগধূলি’

🔹 ৰিণিকি ভূঞা শর্মাৰ কাহিনী–পৰিকল্পনাৰ অভিনৱ আয়োজন

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ নৱেম্বৰ : নাৰী শক্তিৰ আধাৰ, নাৰী সৃষ্টিৰ মূল৷ দুর্গতিনাশিনীৰ ৰূপ লৈ দুষ্টক দমন কৰি শান্তক পালন কৰে নাৰীয়ে৷ মা লক্ষ্মী নতুবা সৰস্বতীৰ ৰূপ লৈ ধন আৰু বিদ্যাৰ আৰাধ্য দেৱী ৰূপে নাৰীয়ে পৃথিৱীৰ মংগল সাধন কৰি আহিছে৷ তৎসত্ত্বেও বহু সমাজত নাৰী লাঞ্ছিত–বঞ্চিত হৈ আহিছে৷ কিন্তু এনে লাঞ্ছনা–বঞ্চনায়ো দুর্বল কৰিব নোৱাৰে এগৰাকী নাৰীৰ মানসিকতাক৷ সমাজৰ এনে বহু প্রত্যাহ্বান হেলাৰঙে অতিক্রম কৰি যুগে যুগে নাৰীয়ে নিজৰ সত্তা অধিক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰি আহিছে৷ তেনে এগৰাকী নাৰীৰ জীৱন সংগ্রামৰ কাহিনীকে মূল ভেটি হিচাপে লৈ নির্মাণ কৰা হৈছে এখন নতুন ধাৰাবাহিক৷ নাম ‘ফুটগধূলি’৷ জন্মলগ্ণৰে পৰা দর্শকক মনোৰঞ্জন প্রদান কৰি অহা ‘ৰং’ চেনেলৰ জৰিয়তে আজিৰ পৰা ধাৰাবাহিকখন সম্প্রচাৰ হ’ব৷ সোমবাৰৰ পৰা শনিবাৰলৈ প্রতিনিশা ৮.৩০ বজাত এই নতুন ধাৰাবাহিকখন সম্প্রচাৰ হ’ব৷ এটা সঁচা কাহিনীৰ আধাৰত ধাৰাবাহিকখন নির্মাণ কৰা হৈছে৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাৰ পৰিকল্পনা আৰু কাহিনীৰে নির্মাণ কৰা হৈছে ‘ফুটগধূলি’৷ ধাৰাবাহিকখনৰ চিত্রনাট্য আৰু সংলাপ ৰচনা কৰিছে সৌৰভ চহৰীয়াই৷ ৰাজীৱ বৰঠাকুৰে পৰিচালনা কৰা ধাৰাবাহিকখন চাহ বাগিচাৰ সেউজ পৰিৱেশত চিত্রগ্রহণ কৰা হৈছে৷ ধাৰাবাহিকখনৰ সহযোগী পৰিচালক হৈছে পংকজ ৰাজকুমাৰ৷ সহকাৰী পৰিচালক বুধিন খনিকৰ৷ অসমৰ কেইবাগৰাকীও বিশিষ্ট অভিনেতা–অভিনেত্রীয়ে ‘ফুটগধূলি’ত অভিনয় কৰিছে৷ ৰাজীৱ গোস্বামী, পূৰবী শর্মা, দেৱজিৎ হাজৰিকা, জুৰি শর্মা, বাবুল কাকতি, নয়ন নির্বাণ বৰুৱা, সিদ্ধান্ত কলিতা, সুনীতা কৌশিক, দেৱাশিস বৰঠাকুৰ, স্নিগ্ধা গগৈ, পল্লৱী গোহাঁই পাঠক, পল্লৱী বৰা মহন্ত, নবীন দেউৰী, ভায়’লিনা ডেকা, গায়ত্রী দেৱী, অমৰ, তৰালি, নৃপেন, হিমাশ্রী, অর্পণ, দীপক, পিংকু, সুপ্রভাত আদিকে ধৰি বহুসংখ্যক জনপ্রিয় শিল্পীৰ অভিনয়েৰে দর্শকৰ মন মুহিবলৈ সাজু হৈছে ‘ফুটগধূলি’৷ প্রথমবাৰৰ বাবে ধাৰাবাহিকত কষ্টিউম ডিজাইনাৰে প্রস্তুত কৰা সাজ–পোছাক পৰিধান কৰিব ‘ফুটগধূলি’ৰ অভিনেতা–অভিনেত্রীসকলে৷ অনামিকা ডেকাই ধাৰাবাহিকখনৰ কষ্টিউম ডিজাইন কৰিছে৷ তেওঁক সহযোগ কৰিছে কৃষ্ণাক্ষী বৰাই৷ প্রতিগৰাকী অভিনেতা–অভিনেত্রীক ৰূপসজ্জাৰে দৃশ্যগ্রহণৰ বাবে সাজু কৰি তুলিছে জেৰিফা আৰু কমলাই৷ ধাৰাবাহিকখনৰ দৃশ্যসমূহ কেমেৰাত আবদ্ধ কৰিছে তাপস দেৱে৷ তেওঁৰ সহকাৰী হিচাপে আছে মুনীন্দ্র কলিতা৷ নিখিল নাথে দৃশ্যসজ্জা কৰা ধাৰাবাহিকখনত ৰাকেশ বর্মন আৰু হিমাদ্রী শেখৰে গ্রাফিক্সৰ কাম কৰিছে৷ দীপজ্যোতি দাসে সম্পাদনা কৰা ধাৰাবাহিকখনৰ পুনঃ শব্দগ্রহণ কৰিছে ধ্রুৱজ্যোতি, ধীৰাজ আৰু পংকজে৷ যোৰহাট আৰু গুৱাহাটীৰ বিভিন্ন স্থানত দৃশ্যগ্রহণ কৰা ধাৰাবাহিকখনৰ আৱহ সংগীত প্রস্তুত কৰিছে সাগৰ সিদ্ধান্তই৷ পোহৰৰ দায়িত্বত আছে ৰামপ্রসাদ ৰয়, ডিম্বেশ্বৰ বড়ো, ৰত্ন বৰা, হেমন্ত লস্কৰ আৰু নাৰায়ণ দাস৷ ৰোহণ আৰু পলাশ শর্মাই প্রযোজনা নিয়ন্ত্রক হিচাপে ধাৰাবাহিকখনৰ চিত্রগ্রহণ সুন্দৰকৈ আগবঢ়াই নিছে৷ পৰিবহণত সহযোগ কৰিছে অজয় আৰু পৱনে৷ নতুনত্ব আৰু ভিন্ন পৰিৱেশনশৈলীৰে জন্মলগ্ণৰে পৰা দর্শকক মনোৰঞ্জন প্রদান কৰি অহা ‘ৰং’ চেনেলত সম্প্রচাৰিত হ’ব লগা ‘ফুটগধূলি’ নামৰ ধাৰাবাহিকখন দর্শকে আদৰি ল’ব বুলি আশা কৰা হৈছে৷ সত্য কাহিনীৰ আলমত এগৰাকী নাৰীৰ জীৱন সংগ্রামৰ সজীৱ প্রতিচ্ছবি দর্শকৰ আগত তুলি ধৰাৰ এই প্রয়াসক মৰম আৰু আশীর্বাদেৰে আদৰি ল’ব বুলি ‘ফুটগধূলি’ৰ পৰিয়াল তথা ‘ৰং’ পৰিয়ালে আশা প্রকাশ কৰিছে৷

You might also like