১১১বাৰ ছুৰিকাঘাত–প্রেমিকাৰ ধর্ষণকাৰীক মুকলি
🔹 ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনৰ আশ্চর্যজনক সিদ্ধান্ত
বিশেষ বাৰ্তা, ১২ নৱেম্বৰ : ইউক্রেইনৰ যুদ্ধত অংশগ্রহণ কৰিবলৈ তালিকাভুক্ত কৰাৰ বাবেই ১১১বাৰ ছুৰিকাঘাত কৰাৰ লগতে প্রেমিকাক ধর্ষণ কৰা কাৰাবন্দী অপৰাধী এজনক মুকলি কৰি দিয়াৰ আশ্চর্যজনক সিদ্ধান্ত গ্রহণ কৰিছে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ কানিয়াছ নামৰ ব্যক্তি এজনে ভেৰা পেখ তেলেভা নামৰ প্রেয়সীগৰাকীক ১১১বাৰ ছুৰীৰে আঘাত কৰাৰ লগতে ধর্ষণ আৰু প্রায় ৩ ঘণ্টা ধৰি নির্যাতন চলোৱাৰ অপৰাধত ১৭ বছৰ কাৰাদণ্ডৰে কাৰাবাস খাটি আছে৷ এই ধর্ষণকাৰী ব্যক্তিজনৰ সামৰিক পোছাকত অস্ত্র লৈ থকা আলোকচিত্র প্রচাৰ হোৱাৰ পিছতেই ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনৰ আশ্চর্যজনক সিদ্ধান্তটো পোহৰলৈ আহিছে৷ ইউক্রেইনত যুদ্ধৰ বাবে তালিকাভুক্ত হোৱাৰ উপহাৰ হিচাপে কাৰাবন্দী কানিয়াছক পুটিনে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্তত ব্যথিত হৈ পৰিছে পেখতেলেভাৰ মাতৃ ওকাছানা৷ এই সন্দর্ভত ওকাছানাই দুখ প্রকাশ কৰি কয় যে ৰাষ্ট্রপতিৰ সিদ্ধান্তই তেওঁক বিচলিত কৰিছে৷ এই সিদ্ধান্তৰ পিছত তেওঁৰ জীয়াই থকাৰ কোনো মূল্য নাই৷ মহিলা অধিকাৰ কর্মী এলিয়না পোপোভাই অপৰাধী কানিয়াছৰ ইউক্রেইনৰ যুদ্ধত অৱতীর্ণ হোৱাৰ বাবে তালিকাভুক্ত হোৱা তথ্যটো সত্য বুলি প্রকাশ কৰিছে৷