নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীৰ বক্তব্যসমৃদ্ধ গীত গ্রেমী বঁটাৰ বাবে মনোনীত

🔹 বেষ্ট গ্ল’বেল কেটেগৰীত ‘এবানডেঞ্চ ইন মিলেটছ’

বিশেষ বাৰ্তা, ১২ নৱেম্বৰ : সন্মানীয় গ্রেমী বঁটা ২০২৪ৰ বাবে মনোনীত গীতত প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ প্রখ্যাত কণ্ঠশিল্পী, গীতিকাৰ ফাল্গুনী শ্বাহ আৰু কণ্ঠশিল্পী গৌৰৱ শ্বাহ পৰিৱেশিত ‘এবানডেঞ্চ ইন মিলেটছ’ শীর্ষক গীতটো ২০২৪ বর্ষৰ গ্রেমী বঁটাৰ বেষ্ট গ্ল’বেল মিউজিক পাৰফর্মেঞ্চ কেটেগৰীত মনোনীত হৈছে৷ এই ‘এবানডেঞ্চ ইন মিলেটছ’ গীতটোত প্রধানমন্ত্রী মোদীৰ কণ্ঠ সন্নিৱিষ্ট হৈ আছে৷ চলিত বর্ষৰ মার্চত প্রধানমন্ত্রী মোদীয়ে নতুন দিল্লীত আয়োজিত গ্ল’বেল মিলেটছ কনফাৰেঞ্চ উদ্বোধনৰ ভাষণৰ অংশ এটা ‘এবানডেঞ্চ ইন মিলেটছ’ত সন্নিৱিষ্ট কৰা আছে৷ এই গীতটোৱে গ্রেমী বঁটাৰ বাবে মনোনীত হোৱাৰ লগে লগে প্রধানমন্ত্রী মোদীয়েও এতিয়া গ্রেমী বঁটাৰ নমিনী হিচাপে বিবেচিত হৈছে৷ ফাল্গুনী শ্বাহ আৰু তেওঁৰ স্বামী গৌৰৱ শ্বাহে পৰিৱেশন কৰা গীতটোৰ ৰচনা আৰু সংগীত পৰিচালনা কৰিছে ফাল্গুনী শ্বাহ, গৌৰৱ শ্বাহ, কেনিয়া অটি, গ্রেগগঞ্জালে আৰু সৌম্য চেতার্জী আৰু কেনিয়া অটিয়ে গীতটোৰ ভিডিঅ’ প্রযোজনা কৰিছে৷ ক্ষুধা নিবাৰণৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা ল’বলৈ ভাৰতত মিলেট খেতিৰ দৃশ্য মিউজিক ভিডিঅ’ত উত্থাপন কৰা হৈছে৷ দেশৰ জনতাৰ জীৱনশৈলীৰ অংশ হিচাপে মিলেটক গ্রহণ কৰাৰ বিষয়ে প্রধানমন্ত্রী মোদীয়ে আগবঢ়োৱা বাক্য এষাৰি এই গীতটোত সন্নিৱিষ্ট কৰা হৈছে৷ প্রধানমন্ত্রী মোদীয়ে দেশৰ কৃষকক মিলেটে কিদৰে লাভান্বিত কৰিব, তাকো বর্ণনা কৰিছে৷ এই গীতটোৰে দেশত মিলেটৰ প্রাসংগিকতাক উত্থাপন কৰা হৈছে আৰু মিলেটক লৈ দেশৰ কৃষক আৰু জনতাক সজাগৰ লক্ষ্য লোৱা হৈছে৷ উল্লেখ্য যে ‘এবানডেঞ্চ ইন মিলেটছ’ শীর্ষক গীতটো চলিত বর্ষৰ জুনত মুকলি কৰা হৈছিল৷ ইণ্টাৰনেচনেল ইয়েৰ অৱ মিলেটছ ২০২৩ উদযাপন উপলক্ষে এই গীতটো মুকলি কৰা হৈছিল৷

You might also like