নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-ৰ দিশে সাজু ১৩০টা পৰমাণু বোমা !

🔹 সিন্ধু নদীৰ পানী নাপাই হতাশ পাকিস্তানী মন্ত্রীৰ ভাবুকি

নিউজ ডেস্ক, ২৮ এপ্রিল : পাকিস্তানৰ ১৩০টা পৰমাণু অস্ত্র ভাৰত-ৰ দিশে সাজু কৰি ৰখা হৈছে৷ এই হুংকাৰ দিয়া দেখিবলৈ পোৱা গ’ল পাকিস্তানী মন্ত্রী হানিফ আব্বাছিক৷ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণত ২৬জন পর্যটক নিহত হোৱা ঘটনাৰ পিছত ভাৰত–পাকিস্তানৰ মাজত সংঘাত তীব্রতৰ হৈ পৰিছে৷ ইতিমধ্যে সাতটা পর্যায়ত কূটনৈতিক ‘প্রত্যাঘাত’ আৰম্ভ কৰিছে ভাৰতে৷ ইয়াৰ অন্যতম হৈছে সিন্ধু জল চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ৷ সেই প্রসংগতেই এইবাৰ পাকিস্তানী মন্ত্রী হানিফে ভাবুকি দিলে ভাৰতক৷ মন্ত্রীগৰাকীয়ে কয় যে ভাৰতে যদি সিন্ধু নদীৰ পানী পাকক নিদিয়ে, তেন্তে এক পূর্ণাংগ যুদ্ধৰ বাবে সাজু থাকিব লাগিব ভাৰত৷ মন্ত্রীগৰাকীয়ে কয় যে পাকিস্তানৰ ১৩০টা পৰমাণু অস্ত্র ভাৰতৰ দিশে সাজু কৰি ৰখা হৈছে৷ এই কথাটো ভাৰতে মনত ৰখা দৰকাৰ বুলিও মন্ত্রীগৰাকীয়ে হুংকাৰ দিছে৷  এই অস্ত্রবোৰ প্রদর্শন কৰিবৰ বাবে পাকিস্তানে ৰখা নাই বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে গোপন স্থানত এইবোৰ সষ্টম কৰি ৰখা বুলিও ঘোষণা কৰিছে৷ যিকোনো মুহূর্ততে ভাৰতত এই পাৰমাণৱিক বোমাই ধ্বংসলীলা সৃষ্টি কৰিব বুলিও হুংকাৰ দিছে মন্ত্রীগৰাকীয়ে৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ দুয়োখন দেশৰ মাজত ঘনীভূত হৈছে যুদ্ধৰ আশংকা৷ সিন্ধু জলচুক্তিৰ পৰা ভাৰতে সমর্থন প্রত্যাহাৰ কৰাৰ লগে লগে তীব্র জলসংকটৰ সন্মুখীন হ’বলগীয়া হৈছে পাক৷ কাৰণ সিন্ধু নদীৰ পানী পাকিস্তানলৈ এৰি দিয়াটো বন্ধ কৰিছে ভাৰতে৷ ইয়াৰ ফলত দেশখনৰ নেতাসকল ক্ষুব্ধ হৈ পৰিছে৷ ইয়াৰ বহিঃপ্রকাশ ঘটিল মন্ত্রী আব্বাছিৰ বক্তব্যত৷

You might also like