কাৰাবন্দী ৫০০ ভাৰতীয় নাগৰিকক মুকলি : ১,৫১৮ বন্দীক ক্ষমা প্রদান
🔹 ৰমজান উপলক্ষে সংযুক্ত আমিৰশ্বাহীৰ উপহাৰ
নিউজ ডেস্ক, ২৯ মার্চ : ৰমজান উপলক্ষে সংযুক্ত আমিৰশ্বাহী চমুকৈ ইউএই–এ ১,৫১৮ কাৰাবন্দীক ক্ষমাদান কৰাৰ সমান্তৰালকৈ ১,২৯৫ বন্দীক মুকলি কৰিলে৷ ইয়াৰ ভিতৰত ৫০০তকৈ অধিক ভাৰতীয় নাগৰিকো আছে৷ চৰকাৰৰ বিবৃতিত প্রকাশ পোৱা মতে, ইউএইৰ ৰাষ্ট্রপতি শ্বেখ মহম্মদ বিন জায়েদ অল–নাহিয়ানে ১,২৯৫ কাৰাবন্দীক মুকলি কৰি দিয়াৰ নির্দেশ দিয়াৰ বিপৰীতে প্রধানমন্ত্রী শ্বেখ মহম্মদ বিন ৰছিদ অল–মাকটুমে ১,৫১৮ কাৰাবন্দীক ক্ষমাদান কৰে৷ উল্লেখ্য যে বিগত সময়ছোৱাত বিভিন্ন দেশৰ কাৰাবন্দী নাগৰিকে ক্ষমা বিচাৰি আবেদন জনোৱাৰ পাছত সেই আবেদন ধার্য কৰি প্রধানমন্ত্রীগৰাকীয়ে ক্ষমাদান কৰে৷ কাৰাবাসৰ পৰা গৈ নতুন জীৱন আৰম্ভ কৰিবলৈ উল্লিখিত বন্দীসকলক ৰাষ্ট্রপতিয়ে মুকলি কৰি দিয়া বুলি বিবৃতি প্রকাশ পাইছে৷