শ্রীলংকাত জলদস্যু-ৰ আক্রমণত আহত ১৭জন ভাৰতীয়
🔹 স্পীড বোটেৰে আহি জধে–মধে আক্রমণ
নিউজ ডেস্ক, ৫ মে’ : তামিলনাডুৰ মাছমৰীয়াই কোৰোমণ্ডল উপকূলত মাছ মাৰি থাকোঁতে শ্রীলংকাৰ জলদস্যু-ৱে ভয়াৱহ আক্রমণ চলায়৷ স্পীড বোটেৰে অহা শ্রীলংকাৰ জলদস্যুৱে ভাৰতীয় মাছমৰীয়াৰ নাওসমূহক আক্রমণৰ লক্ষ্য কৰি লয়৷ চোকা অস্ত্রৰে মাছমৰীয়াক আক্রমণ কৰি জলদস্যুৰ দলটোৱে জিপিএছকে ধৰি মাছ মৰা জালসমূহ কাঢ়ি লৈ গুচি যায়৷ জলদস্যুৰ আক্রমণত ১৭জন মাছমৰীয়া গুৰুতৰভাৱে আহত হয়৷ উল্লেখনীয় যে তামিলনাডুৰ মাছমৰীয়াসকলে মাছ মাৰি থাকোঁতে হঠাতে জলদস্যুৰ দলটোৱে তেওঁলোকৰ নাৱৰ ওচৰলৈ আহি জধে–মধে আক্রমণ চলাই সা–সামগ্রী লুট কৰি আঁতৰি যায়৷ চোকা অস্ত্রৰে আক্রমণ কৰাত ১৭জন গুৰুতৰভাৱে আহত হয়৷ আহত মাছমৰীয়াসকলক জিলা চৰকাৰী হাস্পতালত চিকিৎসা চলাই থকা হৈছে৷ তাৎপর্যপূর্ণ যে ভাৰতীয় সাগৰীয় অঞ্চলত মাছ মাৰি থাকোঁতে শ্রীলংকাৰ জলদস্যুৰ দলটোৱে ভয়াৱহ আক্রমণ কৰে৷ উল্লেখনীয় যে বিগত বর্ষৰ ডিচেম্বৰ মাহতো এনেধৰণৰ ঘটনা সংঘটিত হৈছে৷