নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত নিহত ২ সন্ত্রাসবাদী

বিশেষ বাৰ্তা, ২৬ অক্টোবৰ : জম্মু–কাশ্মীৰৰ কুপৱাৰাৰ মাছাল ছেক্টৰত নিৰাপত্তা বাহিনীৰে সংঘর্ষত নিহত হৈছে দুটা সন্ত্রাসবাদী৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ সন্ত্রাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলী অব্যাহত আছে ৷ ইয়াৰ পূর্বে ভাৰতীয় সেনাই কুপৱাৰাৰ নিয়ন্ত্রণ ৰেখাত পাক সন্ত্রাসবাদীৰ এক অনুপ্রৱেশৰ চেষ্টা ব্যর্থ কৰে৷ জম্মু–কাশ্মীৰ আৰক্ষীৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, চোৰাংচোৱা আৰু কুপৱাৰা আৰক্ষীৰ তথ্য লাভ কৰাৰ পিছতে সেনা-আৰক্ষীয়ে যৌথ অভিযান চলায় মাছাল ছেক্টৰত৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, তাৎক্ষণিকভাৱে দুটা সন্ত্রাসবাদী নিহত হোৱা বুলি নিশ্চিত কৰা হৈছে৷ অৱশ্যে সন্ত্রাসবাদী দুটা কোন সংগঠনৰ সদস্য, সেয়া জানিব পৰা হোৱা নাই৷ সমগ্ৰ অঞ্চলটোত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে বুলিও আৰক্ষী সূত্রই সদৰী কৰিছে৷

You might also like