পৃথিৱীৰ ইতিহাসত সবাতোকৈ উষ্ণ বছৰ ২০২৪
🔹 ১.৫ ডিগ্রী চেলছিয়াছ বৃদ্ধি
🔹 ক’পাৰনিকাছ জলবায়ু পৰিৱর্তন সেৱাৰ প্রতিবেদন
নিউজ ডেস্ক, ১২ জানুৱাৰী : তাপমাত্রা বৃদ্ধিয়ে পৃথিৱীৰ অস্তিত্বৰ প্রতি অশনি সংকেত কঢ়িয়াই আনিছে৷ বিগত বছৰ বছৰ ধৰি পৃথিৱীৰ তাপমাত্রা বৃদ্ধি হৈ আছে৷ ২০২৪ বর্ষ হৈছে পৃথিৱীৰ ইতিহাসত সবাতোকৈ উষ্ণতম বর্ষ৷ প্রাক্–ঔদ্যোগিক কালৰ পিছত প্রথমবাৰৰ বাবে কেলেণ্ডাৰ বর্ষত পৃথিৱীত ১.৫ ডিগ্রী চেলছিয়াছ তাপমাত্রা বৃদ্ধি পাইছে৷ ইউৰোপীয় সংঘৰ পৃথিৱী পর্যবেক্ষণ কার্যসূচীৰ ক’পাৰনিকাছ জলবায়ু পৰিৱর্তন সেৱাই প্রকাশ কৰা প্রতিবেদন মতে, পৃথিৱীৰ ইতিহাসত ২০২৪ বর্ষটো সবাতোকৈ উষ্ণতম বর্ষ৷ এই উষ্ণতা বৃদ্ধিৰ বাবে কেলিফ’র্নিয়া, লছ এঞ্জেলছৰ বনজুইৰ সংহাৰ প্রসংগ উত্থাপিত হৈছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলশ্রুতিত জলবায়ু পৰিৱর্তন প্রতি ক্ষণে ক্ষণে প্রত্যাহ্বানমূলক হৈ আহিছে৷ মানৱসৃষ্ট সেউজগৃহ গেছ নির্গমনৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাই আছে৷ শূন্য নির্গমনক লৈ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই পদক্ষেপ গ্রহণ কৰিলেও সেয়া প্রহসনত পৰিণত হৈ পৰাত ২০২৪ বর্ষই ইতিহাস গঢ়ি পৃথিৱীৰ সবাতোকৈ উষ্ণতম বর্ষ হিচাপে পৰিণত হৈছে৷ প্রতিবেদন মতে, ২০২৪ বর্ষত তাপমাত্রা গড়ে প্রায় ১.৬ ডিগ্রী চেলছিয়াছ বৃদ্ধি হৈছে৷ বিগত বর্ষৰ জুলাইত পৃথিৱীৰ গড় তাপমাত্রা ১৭.১৬ ডিগ্রী চেলছিয়াছ স্পর্শ কৰিছে৷ ই হৈছে পৃথিৱীৰ তাপমাত্রা বৃদ্ধিৰ নতুন অভিলেখ৷ উল্লেখনীয় যে ১৮৫০ চনৰ পিছত পৃথিৱীৰ ইতিহাসত বিগত বর্ষটো সবাতোকৈ উষ্ণতম বর্ষ হিচাপে পৰিগণিত হৈছে৷ ৰাষ্ট্রসংঘৰ পেৰিছত অনুষ্ঠিত জলবায়ু পৰিৱর্তন সন্মিলনত স্বাক্ষৰিত পেৰিছ চুক্তি অনুসৰি পৃথিৱীৰ তাপমাত্রা ১.৫ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিবলৈ নিদিবলৈ দেশসমূহে জীৱাশ্ম ইন্ধনৰ পৰা সেউজগৃহ গেছ নির্গমনত ভাৰসাম্য বজাই ৰখাৰ সিদ্ধান্ত লোৱা হৈছে যদিও সেই চুক্তি এতিয়া প্রহসনত পৰিণত হৈছে৷ ফলশ্রুতিত পৃথিৱীৰ তাপমাত্রা বৃদ্ধি হৈ আছে৷ লক্ষণীয় যে ক’পাৰনিকাছ জলবায়ু পৰিৱর্তন সেৱাৰ সঞ্চালক কার্লো বুৱেনটেম্পোই প্রকাশ কৰা মতে, বিগত দশকটোত প্রতিবছৰে পৃথিৱীৰ তাপমাত্রা বৃদ্ধি পাই আহিছে৷ তাপমাত্রা বৃদ্ধিৰ ফলশ্রুতিত প্রচণ্ড গ্রীষ্মপ্রৱাহ আৰু প্রবল বৰষুণে বিশ্বৰ প্রান্তে প্রান্তে অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷