নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবত সুৰাপানৰ বাবে প্ৰাণ গ’ল ২১গৰাকী লোকৰ

🔹 সংকটজনক অৱস্থাত চিকিৎসাধীন ২২জন

বিশেষ বাৰ্তা, ২৩ মার্চ : পঞ্জাবত বিষাক্ত সুৰা পান কৰি মৃত্যু হৈছে ২১গৰাকী লোকৰ৷ এতিয়াও হাস্পতালত চিকিৎসাধীন হৈ আছে ২২গৰাকী লোক৷ হাস্পতালৰ সূত্রই সদৰী কৰা অনুসৰি, চিকিৎসাধীন লোকসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক৷ গতিকে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে প্রশাসনে৷ বুধবাৰে পঞ্জাবৰ ছাংৰুৰত বিষাক্ত সুৰা পান কৰি অসুস্থ হৈ পৰে ৪০গৰাকীৰো অধিক লোক৷ এই ঘটনাৰ পিছতে ছাংৰুৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ স্থানীয় বাসিন্দাসকলে অভিযোগ কৰা অনুসৰি, দীর্ঘদিন ধৰি অঞ্চলটোত অবৈধ সুৰাৰ ব্যৱসায় চলি আছে৷ এই ব্যৱসায় বন্ধ কৰিবলৈ অঞ্চলটোৰ বাসিন্দাসকলে উদ্যোগো গ্রহণ কৰিছিল৷ কিন্তু এই ক্ষেত্রত সফল হ’ব পৰা নাছিল স্থানীয় বাসিন্দাসকল৷ অবৈধ সুৰা ব্যৱসায়ৰ সমান্তৰালকৈ অপৰাধী চক্রৰ দৌৰাত্ম্য বৃদ্ধি পাই আহিছে অঞ্চলটোত৷ লক্ষণীয়ভাৱে বিষাক্ত সুৰা পান কৰি ২১গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছত আৰক্ষীয়ে দুর্বৃত্তৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰিছে৷ এতিয়ালৈকে এই ঘটনাত জড়িত থকাৰ অভিযোগত ৪জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

You might also like