নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত বৰমৌৰ আক্ৰমণত সৰবৰহী লোকৰ প্ৰাণহানি

🔹 আহত পাঁ‌চ, দল-সংগঠনৰ শোক প্ৰকাশ

বিশেষ বাৰ্তা, মৰিয়নি, ২৩ মাৰ্চ : মৰিয়নিৰ বাঁ‌হনি দেওধাই গাঁ‌ৱত আজি পুৱা বৰমৌৰ আক্ৰমণত এগৰাকী সৰবৰহী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলোৱাৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বাঁ‌হনি দেওধাই গাঁ‌ৱৰ খগেন বৰুৱা ( সোণটো)ই আজি পুৱা ৭ মান বজাত ঘৰৰ কাষতে লাগি থকা পথাৰত কাম কৰিবলৈ গৈছিল । কামৰ পৰা উভতি আহোঁ‌তে প্ৰায় ৯.৩০ বজাত এজাক বৰমৌৱে আক্ৰমণ কৰে খগেন বৰুৱাক । বৰমৌজাকৰ আক্ৰমণত ধৰাশায়ী হৈ পৰে খগেন বৰুৱা । তেওঁ চিঞৰ-বাখৰ কৰাত ওচৰৰে কেইবাজনো লোকে গৈ ধোঁ‌ৱা দি মৌজাকক খেদিবলৈ চেষ্টা কৰে আৰু বহু চেষ্টাৰ মূৰত মৌজাকক খেদি লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু তেতিয়ালৈকে সুন্দৰ-সুঠাম চেহেৰাৰ লোকজন গুৰুতৰভাৱে অসুস্থ হৈ পৰে। ইফালে, লোকজনক উদ্ধাৰ কৰিবলৈ যোৱা এগৰাকী মহিলাসহ পাঁ‌চজন লোকক মৌজাকে আক্ৰমণ কৰি আহত কৰাৰ বাতৰি পোৱা গৈছে । পিছত ততাতৈয়াকৈ খগেন বৰুৱাক মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । প্ৰায় ৬৫ বছৰীয়া খগেন বৰুৱা অঞ্চলটোৰ এগৰাকী সৰবৰহী ব্যক্তি আছিল । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাঁ‌হনি শান্তিপুৰ প্ৰাথমিক সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰয়াত খগেন বৰুৱা । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাগাজাংকা বাঁ‌হনি আঞ্চলিক সমিতিৰো তেওঁ কাৰ্যনিৰ্বাহক সদস্য আছিল। সাংস্কৃতিক মনৰ ব্যক্তি খগেন বৰুৱা অঞ্চলটোৰ বহুকেইটা অনুষ্ঠানৰ সৈতে জড়িত থকাৰ লগতে তেওঁ প্ৰতিষ্ঠা কৰিছিল কেইবাটাও অনুষ্ঠান । তদুপৰি এগৰাকী গাঁ‌ৱলীয়া বৈদ্য হিচাপে তেওঁৰ যথেষ্ট নাম আছিল । কেইবাটাও ৰোগৰ তেওঁ গাঁ‌ৱলীয়া চিকিৎসা কৰিছিল । মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে পুত্ৰ, অভিনেতা-সাংস্কৃতিক কৰ্মী কপিল বৰুৱা, কন্যা, বোৱাৰী, জোঁ‌ৱাই, নাতি-নাতিনীসহ বহুসংখ্যক আত্মীয়-স্বজনক ইহসংসাৰত এৰি গৈছে । তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ‌ পৰে। মৰিয়নিৰ কিংশুক ক্ৰীড়া সাংস্কৃতিক চ’ৰা, প্ৰেছ ক্লাব আদিয়েও খগেন বৰুৱাৰ এনে শোকাৱহ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like