২৬ ঘণ্টা ৰঙালাউৰ নাৱেৰে ৭৩.৫ কিলোমিটাৰ নদীপথ অতিক্রম
🔹 বিশ্বাভিলেখ মার্কিন যুৱকৰ
নিউজ ডেস্ক, ৪ নৱেম্বৰ : ৰঙালাউৰ নাৱত উঠি বিশ্বাভিলেখ গঢ়িলে আমেৰিকান যুৱকে৷ বিশ্বাস কৰিবলৈ কঠিন যদিও এয়া সঁচা ঘটনা৷ এটা ৰঙালাউ ইমানেই বিশাল যে লাউটোৰ এফাল নাৱৰ দৰে কৰি ৭৩.৫ কিলোমিটাৰ পানীত উটি গ’ল যুৱকজন৷ কলম্বিয়া নদীত এই যুৱকজন ওপঙি থাকিল ২৬ ঘণ্টা৷ যুৱকজনৰ নাম গেৰি ক্রিষ্টেনছেন৷ ২০১১ চনৰ পৰা ঘৰত ৰঙালাউৰ খেতি আৰম্ভ কৰে যুৱকজনে৷ তেতিয়াৰে পৰা বিশাল ৰঙালাউ উৎপাদন কৰি আহিছে গেৰিয়ে৷ যত্ন কৰি বিশাল আকাৰৰ ৰঙালাউ নিজৰ কৃষিপামত উৎপাদন কৰিবলৈ সফল হৈছে গেৰি৷ ইয়াৰ পিছত ‘ৱেষ্ট কোষ্ট জায়াণ্ট পাম্পকিন ৰেগাটা’ প্রতিযোগিতাত অংশ ল’বলৈ ২০১৩ চনৰ পৰা নিজৰ খেতিৰ বিশাল লাউ কাটি নাও বনোৱাৰ কাম আৰম্ভ কৰে গেৰিয়ে৷ একেৰাহে ৪ বছৰ এই প্রতিযোগিতাত জয়ী হৈছে গেৰি৷ দীর্ঘদিন ধৰি প্রতিযোগিতাত অংশ লৈ ‘পাংকি লোফষ্টাৰ’ খিতাপো লাভ কৰিবলৈ সক্ষম হৈছে আমেৰিকাৰ এই যুৱকজনে৷ এইবাৰ খেতিৰ লাউৰ জৰিয়তে নিজৰ নাম গীনিজ বুকত খোদিত কৰিবলৈ সক্ষম হ’ল গেৰি৷ বিশ্ব অভিলেখ গঢ়িলে গেৰিয়ে৷ প্রায় ৫৫৫ কিলোগ্রাম ওজনৰ লাউ কাটি নাৱৰ দৰে সজাই তাত যাত্রা কৰিলে গেৰিয়ে৷ উত্তৰ ৱাশ্বিংটনৰ বনেভিলৰ পৰা গেৰিৰ যাত্রা আৰম্ভ হয়৷ লাউৰ নাৱত পেডেল মাৰি ৭৩.৫ কিলোমিটাৰ নদী পথেৰে অতিক্রম কৰে গেৰিয়ে৷ ভাংকুভাৰত গৈ উপস্থিত হয় গেৰি৷ মুঠ ২৬ ঘণ্টা সময় ধৰি এনেদৰে কলম্বিয়া নদীত লাউৰ পৰা কাটি উলিওৱা নাৱত যাত্রা কৰিলে গেৰিয়ে৷ অৱশ্যে এই বিশ্ব অভিলেখ গঢ়া কামটো মুঠেও সহজ নাছিল৷ গেৰিয়ে সেই কথা নিজেই ঘোষণা কৰিছে৷ প্রবল বতাহ আৰু উত্তাল নদীত এই অভিলেখ গঢ়িবলৈ গৈ বাৰে বাৰে তেওঁ সমস্যাৰ সন্মুখীনো হ’বলগীয়া হৈছিল৷ যাত্রাকালত গেৰিয়ে ঘণ্টাত ৩০ৰ পৰা ৩৫ কিলোমিটাৰ বেগত অহা বতাহৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বাৰে বাৰে ৰঙালাউৰ নাৱত আহি পানীও সোমাইছিল৷