ম্যানমাৰ–থাইলেণ্ডৰ পৰা ২৮৩ ভাৰতীয়ক উদ্ধাৰ
নিউজ ডেস্ক, ১২ মাৰ্চঃ চাকৰিৰ প্রলোভনেৰে ম্যানমাৰলৈ লৈ গৈ নিয়োগ কৰা হৈছিল কল চেণ্টাৰত৷ এই ভাৰতীয় তৰুণসকলক ব্যৱহাৰ কৰি ভাৰতত চলোৱা হৈছিল চাইবাৰ প্রতাৰণা চক্র৷ দীর্ঘদিন ধৰি চাইবাৰ প্রতাৰকসকলৰ হাতত ক্রীতদাসৰ দৰে বন্দী হৈ থাকিবলগীয়া হৈছিল ভাৰতীয় তৰুণসকলে৷ অৱশেষত তেনে ২৮৩জন ভাৰতীয়ক উদ্ধাৰ কৰি গৃহভূমিলৈ ওভতাই অনা হৈছে৷ ম্যানমাৰ আৰু থাইলেণ্ড প্রশাসনৰ উদ্যোগত বায়ুসেনাৰ বিমানেৰে এই ভাৰতীয় তৰুণসকলক দেশলৈ ওভতাই অনা হৈছে৷ বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য৷ উদ্ধাৰ হোৱা ২৮৩জন ভাৰতীয় তৰুণৰ মাজত ৪২জন তেলেগুভাষী আছে৷ শকত অংকৰ বেতনত চাকৰিৰ প্রতিশ্রুতি দি এই তৰুণসকলক নিয়োগ কৰা হৈছিল থাইলেণ্ড আৰু ম্যানমাৰত৷ দুয়োখন দেশৰ ভুৱা কল চেণ্টাৰসমূহত এই ভাৰতীয় তৰুণসকলক দাসৰ দৰে খটুওৱা হৈছিল৷