নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তর্বাসৰ ভিতৰত ৩৩ কেজি সোণ সৰবৰাহ!

🔹 মুম্বাই বিমানবন্দৰত গ্রেপ্তাৰ আফ্রিকাৰ পৰা অহা দুই মহিলাক

বিশেষ বাৰ্তা, ১১ জুন : অন্তর্বাসত লুকুৱাই সোণ সৰবৰাহৰ সময়ত মুম্বাইৰ পৰা গ্রেপ্তাৰ কৰা হৈছে দুগৰাকী বিদেশী মহিলাক৷ মুম্বাই আন্তর্জাতিক বিমানবন্দৰৰ পৰা এই মহিলা দুগৰাকীক গ্রেপ্তাৰ কৰিছে শুল্ক বিভাগে৷ শুল্ক বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি দুয়োগৰাকী মহিলা যাত্রীয়ে অন্তর্বাস আৰু আচবাবৰ মাজত প্রায় ৩৩ কিলোগ্রাম সোণ লৈ আহিছিল৷ এই সোণৰ বজাৰ মূল্য প্রায় ২০ কোটি টকা৷ কালি ছত্রপতি শিৱাজী মহাৰাজ বিমানবন্দৰত অৱতৰণৰ পিছতে আফ্রিকাৰ পৰা অহা এই দুই মহিলা যাত্রীৰ ওপৰত সন্দেহ হোৱাত শুল্ক বিভাগে তালাচী চলায়৷ দুয়োগৰাকী মহিলাক আটক কৰি জেৰা চলোৱা হয়৷ ইয়াৰ পিছতে তালাচীৰ সময়ত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ সোণ৷ দুয়োগৰাকী মহিলাক তাৎক্ষণিকভাৱে গ্রেপ্তাৰ কৰে শুল্ক বিভাগে৷

You might also like