নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ কোটিৰ কুকুৰ ! ইডিৰ জেৰাত পোহৰলৈ আহিল তথ্য

🔹 যুৱকে ছ’চিয়েল মিডিয়াত মিছা কথাৰে পোষ্ট কৰিছিল ছবি

নিউজ ডেস্ক, ২০ এপ্রিল : কর্ণাটকৰ ৰাজধানী বেংগালুৰুৰ এজন যুৱকে হায়েনা আৰু কোকেছিয়ান কুকুৰনেচিয়াৰ সংমিশ্রণত জন্ম দিয়া বর্ণশংকৰ কুকুৰ এটা ক্রয় কৰিছিল ৫০ কোটি টকাত৷ যুৱকজনে ছ’চিয়েল মিডিয়াত গর্বেৰে এই কুকুৰটো নজিৰবিহীন মূল্য দি ক্রয় কৰা বুলি ঘোষণা কৰিছিল৷ এই কথা বিয়পি পৰাৰ লগে লগে যুৱকজনৰ বাসগৃহত তালাচী চলাইছে কেন্দ্রীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)–এ৷ এছ সতীশ নামৰ যুৱকজনে যোৱা ফেব্রুৱাৰী মাহত আমেৰিকাৰ পৰা ক্রয় কৰি আনিছিল এই কুকুৰটো৷ কাদাবম্ব প্রজাতিৰ কুকুৰটো হায়েনা আৰু কোকেছিয়ান কুকুৰনেচিয়াৰ এক বর্ণশংকৰ প্রজাতি৷ সতীশৰ দাবীক লৈ দেশ–বিদেশৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছিল৷ সংবাদ মাধ্যমত বিয়পি পৰিছিল এই বর্ণশংকৰ কুকুৰটোৰ লগতে সতীশৰ ছবি৷ ইয়াৰ পিছতেই ইডিৰ নজৰলৈ আহে সতীশ৷ শীঘ্রে সতীশৰ বাসগৃহত তালাচী চলায় কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে৷ লক্ষণীয়ভাৱে সতীশৰ বাসগৃহত ইডিয়ে তালাচী চলোৱাৰ সময়ত কুকুৰটো দেখিবলৈ নাপালে৷ ইয়াৰ পিছত জেৰাত সতীশে স্বীকাৰ কৰে যে কুকুৰটো তেওঁৰ নহয়৷ কেৱল কুকুৰটোৰ সৈতে ছবি উঠি সেই ছবি ছ’চিয়েল মিডিয়াত মুকলি কৰি দিছিল৷ ইয়াৰ উপৰি কুকুৰটোৰ মূল্যও ১ লাখ টকাতকৈ বেছি নহয় বুলি ইডিৰ জেৰাত সদৰী কৰিছে সতীশে৷ কিন্তু ইয়াৰ পিছতো তদন্ত চলাইছে ইডিয়ে৷ ইডিয়ে সন্দেহ কৰিছে যে অবৈধভাৱে অর্থাৎ হাৱালাৰ জৰিয়তে বিপুল পৰিমাণৰ ধন প্রেৰণ কৰা হৈছিল৷ কিন্তু তদন্ত যিমানেই আগবাঢ়িছে, সেয়া স্পষ্ট হৈ পৰিছে যে হাৱালাৰ জৰিয়তে ধন বিদেশলৈ প্রেৰণ কৰিব পৰাকৈ উপার্জনেই নাই সতীশৰ৷

You might also like