গাজাৰ শৰণার্থী শিবিৰত শিশু-মহিলাসহ নিহত ৫৪
🔹 ইজৰাইলী সেনাৰ নৰমেধ অব্যাহত
নিউজ ডেস্ক, ২৭ মে’ : মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে যুদ্ধবিধ্বস্ত গাজা৷ পুনৰ ভয়াৱহ আক্রমণ চলাইছে ইজৰাইলী সেনাই৷ ইজৰাইলৰ এই আক্রমণত বিধ্বস্ত হৈছে বিদ্যালয় গৃহ৷ এই বিদ্যালয় গৃহত আশ্রয় লৈ আছিল ঘৰ হেৰুওৱা পৰিয়ালসমূহে৷ ভয়াৱহ এই বোমা বিস্ফোৰণত বহু শিশু–মহিলাসহ কমপক্ষেও ৫৪জন নিহত হৈছে৷ গাজাৰ হাস্পতালৰ সূত্রই সংবাদ সংস্থা বিবিচিক জনোৱা অনুসৰি পৰহি নিশাৰে পৰা ইজৰাইলে বোমাবর্ষণ কৰি আছে৷ দুটা স্থানত ইজৰাইলে উদ্দেশ্যপ্রণোদিতভাৱে বোমাবর্ষণ কৰা বুলি গাজাৰ স্বাস্থ্য মন্ত্রালয়ে বিবিচিক জনাইছে৷ গাজা চহৰৰ ফাহমি আল–জাৰগাৱি বিদ্যালয় আৰু বেইক লাহিয়াত শৰণার্থীসকলে আশ্রয় লৈ থকা এটা শিবিৰত এই বোমাবর্ষণ চলোৱা হয়৷ উল্লেখনীয় যে দুয়োটা স্থানতে দুর্গত শৰণার্থী লোকসকলে আশ্রয় লৈ আছিল৷ ইজৰাইলী সেনাই হামাছৰ ঘাটিত আক্রমণ চলোৱা বুলি দাবী কৰিছে যদিও গাজাৰ স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা অনুসৰি অতি শীতল মস্তিষ্কৰে নিৰীহ লোকে আশ্রয় লৈ থকা শিবিৰত আক্রমণ কৰিছে ইজৰাইলী সেনাই৷ লক্ষণীয়ভাৱে গাজালৈ দুর্গত লোকৰ বাবে বিভিন্ন দেশে প্রেৰণ কৰা সাহায্য সামগ্রী প্রৱেশৰ ক্ষেত্রত ইজৰাইল চৰকাৰে অনুমতি প্রদান কৰিছে যদিও দুর্গত লোকসকলৰ ওপৰতেই হিংস্রভাৱে চলাই থকা হৈছে আক্রমণ৷ এই আক্রমণক গৰিহণা দিছে ৰাষ্ট্রসংঘই৷ লক্ষণীয়ভাৱে পাশ্চাত্যৰ কেইবাখনো দেশেও ইজৰাইলক এনে নাৰকীয় কার্য শীঘ্রে বন্ধ কৰাৰ দাবী জনাইছে৷ লক্ষণীয়ভাৱে ফ্রান্স, ব্রিটেইন, কানাডাসহ কেইবাখনো দেশে তাৎক্ষণিকভাৱে গাজাত নিৰীহ পেলেষ্টাইনী শিশু আৰু নাৰী নিধন কার্য বন্ধ কৰিব লাগে বুলি দাবী জনাইছে৷ কিন্তু ইজৰাইলে কোনো দেশৰ দাবীক গুৰুত্ব প্রদান কৰা নাই৷