নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬০ কোটি বছৰ পূর্বে হিমালয়ৰ তলত আছিল মহাসাগৰ

🔹 বেংগালুৰু আইআইএছচি–জাপানৰ নিগাটা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দাবী
বিশেষ বাৰ্তা, ২৯ জুলাই : ৬০০ নিযুত বছৰ অর্থাৎ ৬০ কোটি বছৰ পূর্বে হিমালয়ৰ গর্ভত আছিল বিশাল মহাসাগৰ৷ শেহতীয়াকৈ বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চ (আইআইএছচি) আৰু জাপানৰ নিগাটা বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে গৱেষণাৰ পৰা এই তথ্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে৷ হিমালয়ৰ বুকুত পোৱা খনিজ পদার্থত থকা পানীৰ কণিকাৰ ওপৰত পৰীক্ষা চলাই এই কথা নিশ্চিত কৰিছে বিজ্ঞানীসকলে৷ আইআইএছচিৰ তৰফৰ পৰা প্রকাশ কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি বিজ্ঞানীসকলে পানীৰ কণিকাত কেলচিয়াম আৰু মেগচিয়াম কার্বনৰ উপস্থিতি ধৰা পেলাইছে৷ পৃথিৱীৰ ইতিহাসত বৃহৎ অম্লজানিক ঘটনা সংঘটিত হৈছিল বুলিও ধাৰণা কৰিছে বিজ্ঞানীসকলে৷ আইআইএছচিৰ গৱেষক ছাত্র প্রকাশ চন্দ্র আর্যই উল্লেখ কৰা অনুসৰি প্রাচীন মহাসাগৰ অবিহনে পানীৰ কণিকাত এই উপাদানবোৰৰ উপস্থিতি সম্ভৱ নহয়৷ ‘প্রেকামব্রিয়ান ৰিছার্চ’ শীর্ষক গৱেষণা পত্রত এই তথ্য প্রকাশ কৰা হৈছে৷ আইআইএছচিৰ বিবৃতি অনুসৰি বিজ্ঞানীসকলে বিশ্বাস কৰে যে ৭০০ আৰু ৫০০ নিযুত বছৰ পূর্বে পৃথিৱী ডাঠ বৰফীয় আৱৰণেৰে ঢাকি আছিল৷ এই সময়ছোৱাক ‘স্নোবল আর্থ গ্লেছিয়েছন’ বুলি অভিহিত কৰিছে বিজ্ঞানীসকলে৷ ইয়াৰ পাছতে পৃথিৱীৰ জলবায়ুত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পাইছিল বুলিও নিশ্চিত কৰিছে বিজ্ঞানীসকলে৷

You might also like