য়েমেন-ৰ শৰণার্থী শিবিৰত বোমাবর্ষণ, নিহত ৬৮
🔹 ইৰান সমর্থনপুষ্ট হুঠীৰ বিৰুদ্ধে আমেৰিকাৰ অভিযান
নিউজ ডেস্ক, ২৯ এপ্রিল : পুনৰ আমেৰিকাৰ আক্রমণত ৰক্তাক্ত য়েমেন । ৰাজধানী ছানাৰ এক শৰণার্থী শিবিৰত মার্কিন বায়ুসেনাই চলোৱা বোমা আক্রমণত নিহত হৈছে ৬৮গৰাকী লোক৷ এই ঘটনাত আহত হৈছে অন্য ৪৭গৰাকী৷ উল্লেখনীয় যে শৰণার্থী শিবিৰত সংঘটিত এই আক্রমণৰ ঘটনাক লৈ তীব্র ক্ষোভ প্রকাশ কৰিছে ইৰান সমর্থনপুষ্ট সশস্ত্র সংগঠন হুঠীয়ে৷ হুঠীৰ ইন্ধনৰ উৎস, অস্ত্র ভাণ্ডাৰৰ পৰা আৰম্ভ কৰি এটাৰ পাছত এটাকৈ ঘাটি ধ্বংস কৰাৰ বাবে অভিযান তীব্রতৰ কৰিছে মার্কিন বাহিনীয়ে৷ ইয়াৰ প্রত্যুত্তৰ দিছে হুঠীয়েও৷ সশস্ত্র সংগঠনটোৱে ইজৰাইল, লোহিত সাগৰত ক্ষেপণাস্ত্র আৰু ড্রোনেৰে আক্রমণ অব্যাহত ৰাখিছে৷ এনে ঘটনাক কেন্দ্র কৰিয়ে এক পূর্ণাংগ যুদ্ধৰ আশংকা ঘনীভূত হৈছে য়েমেনত৷ ২০২৩ চনত গাজাত ইজৰাইলে যুদ্ধ আৰম্ভ কৰাৰ পাছতে লোহিত সাগৰত বাণিজ্যিক জাহাজৰ ওপৰত আক্রমণ চলায় হুঠীয়ে৷ স্মর্তব্য যে গাজাত হামাছৰ প্রতি একতা প্রদর্শন কৰিয়েই এই আক্রমণ আৰম্ভ কৰে হুঠীয়ে৷ আমেৰিকা–ব্রিটেইনসহ বিভিন্ন দেশৰ পণ্যবাহী জাহাজত ইতিপূর্বে আক্রমণ চলাইছে হুঠীয়ে৷ লোহিত সাগৰৰ পথ হৈছে সামুদ্রিক বাণিজ্যৰ এক অন্যতম পথ৷ বিভিন্ন ইউৰোপীয় দেশৰ জাহাজে এই পথটোৰে চলাচল কৰে৷ আনকি আমেৰিকাৰ পৰা বিভিন্ন দেশলৈ সৰবৰাহ হয় এই পথেৰেই সামগ্রী৷ গতিকে, এই পথটোত হামাছৰ প্রতি একতা প্রদর্শন কৰি ইউৰোপ, আমেৰিকাসহ বিভিন্ন দেশৰ বাণিজ্যিক জাহাজৰ ওপৰত আক্রমণ চলাই আহিছে হুঠীয়ে৷ ইয়াৰ প্রত্যুত্তৰ দিবলৈ য়েমেনত হুঠীৰ ঘাটিলৈ লক্ষ্য কৰি আক্রমণ চলাই আহিছে মার্কিন সেনাই৷ শেহতীয়াকৈ মার্কিন বাহিনীয়ে চলোৱা এই আক্রমণত সম্পূর্ণৰূপে বিধ্বস্ত হয় শৰণার্থী শিবিৰ এটা৷ অৱশ্যে বিভিন্ন সংবাদ মাধ্যমে দাবী কৰা অনুসৰি এয়া বিদেশী শৰণার্থীৰ বন্দীগৃহহে আছিল৷ কিন্তু হুঠীয়ে এই আক্রমণৰ কঠোৰ প্রত্যুত্তৰ দিব বুলি হুংকাৰ দিছে৷