নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেছ’লিনভর্তি টেংকাৰ বিস্ফোৰণত নিহত ৯৪

🔹 দুর্ঘটনাগ্রস্ত টেংকাৰৰ পৰা তেল সংগ্রহ কৰিবলৈ গৈছিল মৃতকে : আহত ৫০জন

নিউজ ডেস্ক, ১৬ অক্টোবৰ : আফ্রিকান ৰাষ্ট্র নাইজেৰিয়াত এখন গেছ’লিন ভর্তি টেংকাৰ বিস্ফোৰণৰ ফলত ৯৪গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে অন্য ৫০গৰাকী আহত হৈছে৷ দেশখনৰ জিগাৱা প্রদেশত গেছ’লিন কঢ়িওৱা টেংকাৰখনে গৈ এখন ট্রাকত খুন্দা মৰাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়৷ ট্রাকত খুন্দিয়াই টেংকাৰখন বাগৰি পৰে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি এই দুর্ঘটনাৰ পাছতেই স্থানীয় বাসিন্দাসকলে তেল আনিবলৈ ঘটনাস্থলীলৈ দৌৰাদৌৰি লগায়৷ তেতিয়াই এই লোকসকলে প্রাণ হেৰুৱাবলগীয়া হয়৷ কালি নিশা জিগাৱাৰ এক্সপ্রেছ ৱে’ত সংঘটিত হৈছে এই মর্মান্তিক দুর্ঘটনা৷ আৰক্ষী বিষয়া লাৱান ছিছু আদামে সংবাদ মাধ্যমক জনোৱা অনুসৰি এই শোকাৱহ দুর্ঘটনাত ৯৪গৰাকী লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে৷ মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে৷ টেংকাৰখনৰ চালকজনে নিয়ন্ত্রণ হেৰুৱাই ট্রাকত খুন্দা মাৰে৷ লগে লগে পথৰ দাঁতিত বাগৰি পৰে টেংকাৰখন৷ সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি টেংকাৰখন বাগৰি পৰাৰ পিছ মুহূর্ততে বিস্ফোৰণ সংঘটিত হোৱা নাছিল৷ স্থানীয় বাসিন্দাসকলে তেল সংগ্রহ কৰিবলৈ হেতাওপৰা লগোৱাৰ সময়ত হঠাতে বিস্ফোৰণ সংঘটিত হয়৷ গতিকে ঘটনাস্থলীতে ইমানসংখ্যক লোকৰ মৃত্যু হয়৷ ইতিমধ্যে এই ভয়ংকৰ দুর্ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ বিস্ফোৰণৰ পাছত সমগ্র অঞ্চলটোত সৃষ্টি হয় অগ্ণিকাণ্ড৷ মৃত্যু হোৱা লোকসকলৰ অধিকসংখ্যকৰে দেহ চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে৷ এই বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা জুই আজি পুৱাহে নির্বাপণ কৰিবলৈ সক্ষম হয় অগ্ণিনির্বাপক বাহিনী৷ আহত লোকসকলক ৰিংগিম আৰু হাডেজিয়া চহৰৰ হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে৷ আহতসকলৰ গৰিষ্ঠসংখ্যকৰে অৱস্থা সংকটজনক৷ স্মর্তব্য যে নাইজেৰিয়াত সঘনে ট্রাক দুর্ঘটনা সংঘটিত হয়৷ পথৰ শোচনীয় অৱস্থাৰ বাবে দুর্ঘটনাত বছৰি বহু লোকে প্রাণ হেৰুৱাবলগীয়া হয়৷ যোৱা মাহতো অন্য এক টেংকাৰ বিস্ফোৰণত ৪৮গৰাকী লোকৰ মৃত্যু হৈছিল দেশখনৰ উত্তৰ প্রান্তত৷

You might also like