নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেদাৰলেণ্ডছত ৪,০০০ বছৰ পুৰণি সমাধিক্ষেত্র

বিশেষ বাৰ্তা, ২৫ জুনঃ ক’ৰবাত খাল, ক’ৰবাত সমাধিস্তূপ৷ বিয়পি আছে চৌদিশে৷ ৪০০০ বছৰীয়া পুৰণি এনে এক স্থান নেদাৰলেণ্ডছত আৱিষ্কাৰ কৰিছে প্রত্নতত্ত্ববিদসক৷ ধাৰণা কৰা হৈছে, ইংলেণ্ডৰ ষ্টোনহেঞ্জৰ দৰে এই বিশাল অঞ্চলো অতীতত সমাধিক্ষেত্র হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ নেদাৰলেণ্ডছৰ এই সমাধিক্ষেত্রৰ আয়তন এখন ফুটবল খেলপথাৰৰ তিনিগুণ৷ মাটি আৰু কাঠেৰে প্রস্তুত কৰা হৈছিল সকলো স্তূপ৷ প্রত্নতত্ত্ববিদসকলে এই সমাধিক্ষেত্রৰ পৰা মানুহৰ লাওখোলাৰ উপৰি বিভিন্ন প্রাণীৰ কংকাল, ব্রঞ্জেৰে নির্মিত মূল্যৱান সামগ্রীও উদ্ধাৰ কৰিছে৷ ধাৰণা কৰা হৈছে, এই ব্রঞ্জেৰে নির্মিত সামগ্রীবোৰ মৃতদেহৰ উদ্দেশ্যে নিবেদন কৰা হৈছিল৷ এক বিবৃতিত প্রত্নতত্ত্ববিদসক সদৰী কৰা অনুসৰি, ৰট্রডামৰ পৰা ৭০ কিলোমিটাৰ পূর্বৰ টি এল পৌৰ নিগমৰ অন্তর্গত অঞ্চলত মাটি খান্দি উদ্ধাৰ কৰা হৈছে এই বিশাল সমাধিক্ষেত্র৷ এই সমাধিক্ষেত্র এসময়ত যথেষ্ট গুৰুত্বপূর্ণ আছিল৷ বছৰৰ কোনো বিশেষ দিনত ইয়াতে সাধাৰণ মানুহ সমৱেত হৈছিল বুলিও প্রত্নতত্ত্ববিদসকলে ধাৰণা কৰিছে৷ কাৰণ সমাধিক্ষেত্রলৈ অহা পথৰ দুয়োকাষে খুঁটা পোতা আছে৷ অর্থাৎ সমাধিক্ষেত্রলৈ সমদল কৰি যথেষ্টসংখ্যক লোক আহিছিল বুলি ধাৰণা কৰিছে প্রত্নতত্ত্ববিদসকলে৷ এগৰাকী মহিলাৰ এক সমাধিৰ পৰা কিছু কাঁচৰ গুলী পোৱা গৈছে, যিবোৰ মেছোপটেমিয়া সভ্যতাৰ নিদর্শন৷

You might also like