নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাই ভাৰতক ওভতাব শতাধিক প্রাচীন শৈল্পিক কৃতি

বিশেষ বাৰ্তা, ২৫ জুনঃ আমেৰিকা ভ্রমণৰ অন্তিম দিনা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰে যে জ’ বাইডেন প্রশাসনে চুৰি হোৱা শতাধিক শৈল্পিক সামগ্রী ভাৰতলৈ ওভতাই দিয়াৰ সিদ্ধান্ত লৈছে৷ ৰ’নাল্ড ৰিগান চেণ্টাৰত প্রবাসী ভাৰতীয়সকলক সম্বোধি দিয়া ভাষণৰ সময়ত মোদীয়ে উল্লেখ কৰে যে আমেৰিকাৰ চৰকাৰৰ এই সিদ্ধান্তক লৈ তেওঁ অত্যন্ত সুখী৷ উল্লেখনীয় যে অন্তিম দিনাখন প্রবাসী ভাৰতীয় লোকসকলৰ সৈতে মত বিনিময়ো কৰে প্রধানমন্ত্রী মোদীয়ে৷ উল্লেখনীয় যে পূর্বেও আমেৰিকাই বহু চুৰি হোৱা প্রাচীন শৈল্পিক সামগ্রী ভাৰতক ওভতাই দিছিল৷ ২০২২ চনত মার্কিন কর্তৃপক্ষই ভাৰতৰ পৰা চুৰি হোৱা ৩০৭বিধ প্রাচীন শৈল্পিক কৃতি দেশখনক ওভতাই দিছিল৷ এই শৈল্পিক সামগ্রীসমূহৰ মূল্য প্রায় ৪০ লাখ মার্কিন ডলাৰ৷ স্মর্তব্য যে বিভিন্ন পথেৰে ভাৰতৰ প্রাচীন সামগ্রীসমূহ আন্তর্জাতিক বজাৰলৈ সৰবৰাহ হৈছে৷ সেইবোৰ ভাৰতে চুৰি হোৱা বুলি অভিহিত কৰিছে৷ এনে সামগ্রী বিশ্বৰ বিভিন্ন দেশৰ হাতত আছে৷

You might also like