নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীসহ উত্তৰ ভাৰতত ৫.৪ প্ৰাবল্যৰ ভূমিকম্প

বিশেষ বাৰ্তা, ১৩ জুনঃ মঙলবাৰে জম্মু-কাশ্মীৰৰ ডোডা আৰু কিষ্টৱাৰ জিলা আৰু উত্তৰ ভাৰতৰ কেইবাটাও অঞ্চলক ৫.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায়। পঞ্জাব আৰু ৰাজধানী দিল্লীতো ভূমিকম্পৰ কম্পন অনুভূত হয়। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ ৬ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু। এই ভূমিকম্পৰ ফলত জিলাখনৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হয়। অৱশ্যে কোনোধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।

You might also like