নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত ৬.৩ প্রাবল্যৰ ভূমিকম্পত ২০০০ৰ প্রাণহানি

🔹 ধ্বংসস্তূপত পৰিণত হেৰাটৰ উত্তৰ–পশ্চিম অঞ্চলৰ ১২খন গাঁও

🔹 ৬০০তকৈ অধিক বাসগৃহ সম্পূর্ণ বিধ্বস্ত

বিশেষ বাৰ্তা, ৮ অক্টোবৰ : আফগানিস্তানত ৬.৩ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণিত দুই সহস্রাধিক লোকৰ প্রাণহানি হৈছে৷ দেশখনৰ পশ্চিম প্রান্তত ৮টা ভূমিকম্পৰ জোকাৰণিৰ পাছত ৰিখটাৰ স্কেলৰ ৬.৩ প্রাবল্যৰ ভূমিকম্পটোৱে গ্রামাঞ্চলৰ লগতে চহৰ অঞ্চলতো অনেক বাসগৃহ, আন্তঃগাঁথনি ধ্বংসস্তূপত পৰিণত কৰে৷ ভূমিকম্পটোৰ এই জোকাৰণিত বাসগৃহকে ধৰি আন্তঃগাঁথনি বিধ্বস্ত হোৱাত দুহাজাৰতকৈ অধিক লোক নিহত হৈছে৷ তথ্য মতে, প্রাদেশিক ৰাজধানী হেৰাটৰ পৰা উত্তৰ–পূবে ৩০ কিলোমিটাৰ নিলগৰ অঞ্চলত এই ভূমিকম্পৰ কঁপনিত বিস্তৰ ক্ষতিসাধন হৈছে৷ ১২ খনতকৈও অধিক গাঁৱত এই ভূমিকম্পই বাসগৃহসমূহ ধ্বংসস্তূপত পৰিণত কৰিছে৷ ১২খন গাঁৱত প্রবল ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱা অঞ্চলত উদ্ধাৰ অভিযান চলাই থকা হৈছে৷ প্রতি ক্ষণে ক্ষণে ধ্বংসস্তূপৰ পৰা মৃতদেহ উদ্ধাৰ হৈছে৷ এতিয়ালৈকে দুহাজাৰতকৈও অধিক লোকৰ মৃতদেহ উদ্ধাৰ হৈছে৷ হতাহতৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে৷ ইপিনে, এই ভূমিকম্পৰ ফলত চহৰ অঞ্চলতো আতংকৰ সৃষ্টি হয়৷ চহৰৰ কেইবাটাও বাসগৃহ বিধ্বস্ত হয় যদিও হতাহতৰ সংখ্যা জানিব পৰা হোৱা নাই৷ বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, হেৰাটৰ অঞ্চলত হোৱা ভূমিকম্পত অতিকমেও ১২খন গাঁও সম্পূর্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে৷ ছয় শতাধিক বাসগৃহ সম্পূর্ণৰূপে মাটিৰ সৈতে মিলি গৈছে৷ ৪ হাজাৰতকৈ অধিক লোক বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে৷ হেৰাট প্রদেশৰ উপ–ৰাজ্যপালৰ মুখপাত্র বিলাল কৰিমিয়ে প্রকাশ কৰা মতে, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাটো নিশ্চিত৷ তালিবানশাসিত অর্থনৈতিক সংকটত জর্জৰিত আফগানিস্তানত এহ বিধ্বংসী ভূমিকম্পৰ ফলত ক্ষতিগ্রস্তৰ সাহায্যৰ ক্ষেত্রতো সমস্যাৰ সৃষ্টি হ’ব৷ তাৎপর্যপূর্ণ যে আফগানিস্তানত বিগত বর্ষৰ জুন মাহত ৫.৯ প্রাবল্যৰ ভূমিকম্পত এহাজাৰতকৈ অধিক লোকৰ প্রাণহানি হোৱাৰ লগতে কেইবাসহস্র লোক গৃহহীন হৈছিল৷

You might also like