নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবটল মাকালান হুইস্কী নিলাম ২২ কোটি টকাত

🔹 লণ্ডনৰ ছোথেবিত ৯৭ বছৰীয়া পুৰণি সুৰা বিক্রী মূল্যৰ অভিলেখ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰ : এটা হুইস্কীৰ বটল৷ বিক্রী হ’ল ২.৭ নিযুত ডলাৰত৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ২২ কোটি টকা৷ লণ্ডনৰ ছোথেবিত নিলাম হৈছে ১৯২৬ চনত প্রস্তুত আৰু ১৯৮৬ চনত বটলিং কৰা এই হুইস্কীৰ বটলটো৷ ১৯২৬ মাকালান হুইস্কীৰ বটলটোত ভালেৰিঅ’ আডামিৰ লেবেল লগোৱা আছে৷ উল্লেখনীয় যে প্রস্তুত হোৱাৰ পিছত ৬০ বছৰ ধৰি বেৰেলত ৰখা হৈছিল এই হুইস্কী৷ অতি মূল্যৱান সুৰা হিচাপে চিহ্ণিত এই মাকালান হুইস্কীৰ ৪০ বটল সংৰক্ষিত অৱস্থাত আছিল৷ ইয়াৰে এটা বটলত আয়াৰলেণ্ডৰ শিল্পী মাইকেল গিলনে ছবি আঁকি থৈছিল৷ মাকালান হুইস্কীৰ ১৯২৬ চনৰ বটল বিক্রী মূল্যৰ এয়া এক অভিলেখ৷ ইয়াৰ পূর্বে ২০১৯ চনত মাকালান হুইস্কীৰ এটা বটল বিক্রী হৈছিল ১.৮৬ নিযুত ডলাৰত৷ এইবাৰ পূর্বৰ অভিলেখ ভংগ হৈছে ছোথেবিৰ নিলাম কেন্দ্রত৷ ছোথেবিৰ বিষয়ববীয়া জ’নী ফাউলে উল্লেখ কৰা অনুসৰি সংৰক্ষিত মাকালান হুইস্কীৰ বটলবোৰ ভৱিষ্যতেও নিলাম কৰা হ’ব৷ ইয়াক সংৰক্ষণ কৰি ৰখা ব্যক্তিসকলে ছোথেবিত নিলাম কৰাৰ বাবে চেষ্টা চলাই আহিছে৷ উল্লেখনীয় যে একালত ব্রিটেইনত মাকালান হুইস্কী দামী সুৰাবোৰৰ ভিতৰত অন্যতম আছিল৷

You might also like