ডিঙিৰ ‘ৰেডিঅ’ কলাৰ’-এ মৃত্যু মাতিলে কুনো ৰাষ্ট্ৰীয় উদ্যানৰ চিতালৈ!
বিশেষ বাৰ্তা, ১৭ জুলাই : বিগত পাঁচ মাহত মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আঠটা চিতাবাঘৰ মৃত্যুৱে উদ্বিগ্ন কৰি ৰাখিছে প্ৰকৃতিপ্ৰেমীক। যোৱা সপ্তাহত তেজস আৰু সুৰজ নামৰ দুটা চিতাৰ মৃত্যু হৈছিল। সেয়েহে এনেধৰণৰ ঘটনা ৰোধৰ বাবে বন বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ মতে, কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাৰ মৃত্যুৰ কাৰণ উলিয়াবলৈ দক্ষিণ আফ্ৰিকাৰ পৰা দুজন বিশেষজ্ঞ আহি আছে। ভাৰতলৈ চিতা অনাৰ ঐতিহাসিক প্ৰকল্পৰ সৈতে জড়িত দক্ষিণ আফ্ৰিকাৰ বিশেষজ্ঞ এড্ৰিয়ান টৰ্ডিফে কয় যে ৰেডিঅ’ কলাৰৰ ফলত চিতাৰ মৃত্যু হ’ব পাৰে। কিন্তু সেইটোৱেই একমাত্ৰ কাৰণ নহয়। দক্ষিণ আফ্ৰিকাৰ শুকান জলবায়ুৰ লগত চিতা অভ্যস্ত। প্ৰথমবাৰৰ বাবে ভাৰতত বাৰিষাৰ সন্মুখীন হৈছে। ফলত এনেদৰে চিতাৰ মৃত্যুৰ ঘটনা হ’ব পাৰে। এই সন্দৰ্ভত পৰিৱেশ মন্ত্ৰালয়ে দেওবাৰে এক বিবৃতিত কয় যে ৰেডিঅ’ কলাৰৰ বাবে চিতাৰ মৃত্যু হোৱা বুলি কৰা দাবীৰ সমৰ্থনত কোনো প্ৰমাণ পোৱা নাই। সকলোকেইটা চিতাবাঘে প্ৰাকৃতিক কাৰণত মৃত্যুবৰণ কৰিলে। উল্লেখ্য যে চিতাৰ ডিঙিত ‘ৰেডিঅ’ কলাৰ’ ব্যৱহাৰ কৰি চিতাৰ গতিবিধি নিৰীক্ষণ কৰা হয়। মধ্যপ্ৰদেশৰ মুখ্য বন সংৰক্ষক জে এছ চৌহানে কয়- বাৰিষাৰ সময়ত ৰেডিঅ’ কলাৰৰ পৰা সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। কাৰণ এই সময়ত বতাহৰ আৰ্দ্ৰতা অতি বেছি। ফলত কলাৰৰ চাৰিওফালে খজুৱতিৰ দাগ পৰে। তাত নখৰ খোঁচ পৰিলে ঘা হয়। সেই ঠাইত মাখিয়ে বহি সংক্ৰমণ বিয়পাই দিয়ে। ই সিহঁতক মাৰি পেলাব পাৰে। তেওঁ লগতে কয়- আমি অধিক পৰীক্ষা কৰিব লাগিব। মৃত্যুৰ অন্যান্য কাৰণ সন্দৰ্ভতো তদন্ত কৰিব লাগিব। মৃত্যু হোৱা চিতাবোৰৰ ভিতৰত দুটাৰ হৃদযন্ত্ৰ আৰু বৃক্কৰ ক্ষতি হৈছে। গতিকে ৰেডিঅ’ কলাৰ মাৰাত্মক নহ’লেও মৃত্যুৰ লগত জড়িত হ’ব পাৰে।