নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাশ্বিংটনত প্ৰচণ্ড গৰমত গলিল আব্ৰাহাম লিংকনৰ মমৰ মূৰ্তি

বাৰ্তা ডেস্ক, ২৬ জুনঃ আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন চহৰখনৰ উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে ৱাশ্বিংটনত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ ছয় ফুট ওখ মমৰ মূৰ্তি গলি যায়। ৩৭ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে উষ্ণতাই। গৰমে গৃহযুদ্ধৰ যুগৰ শৰণাৰ্থী শিবিৰ কেম্প বাৰ্কাৰৰ স্থানত থকা মমৰ গঠনটোক বিকৃত কৰি পেলায়, য’ত পূৰ্বে দাসত্বত ৰখা আৰু মুক্ত আফ্ৰিকান আমেৰিকানসকল আছিল। বিবিচিৰ বাতৰি অনুসৰি প্ৰতিমূৰ্তিটোৰ মূৰটো প্ৰথমে গৰমত গলিছিল, তাৰ পিছত ভৰি দুখনো গলিবলৈ ধৰে। কৰ্তৃপক্ষই এতিয়া ভাস্কৰ্য্যটো মেৰামতিৰ কাম আৰম্ভ কৰিছে। সপ্তাহৰ শেষৰ ফালে ৰাজধানী চহৰখনৰ উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে ৱাশ্বিংটনত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ ছয় ফুট ওখ মমৰ মূৰ্তি গলি যায়। ৱাক্স মনুমেণ্ট ছিৰিজৰ অংশ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিল্পী ছেণ্ডী উইলিয়ামছে এই মূৰ্তিটো নিৰ্মাণ কৰিছিল। ইয়াক কেম্প বাৰ্কাৰৰ ঠাইত স্থাপন কৰা হৈছিল, য’ত এতিয়া এখন প্ৰাথমিক বিদ্যালয় আছে।

You might also like