নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শক্ষার্থীক ‘প্রেম’ কৰিবলৈ এসপ্তাহৰ ছুটী চীনৰ কলেজত

নিয়মীয়া বাৰ্তা, ৪এপ্ৰিল: ‘প্রেম’ কৰাৰ বাবে শিক্ষার্থীসকলক এসপ্তাহৰ ছুটী দিছে চীনৰ মহাবিদ্যালয়সমূহে৷ কিন্তু হঠাতে এই সিদ্ধান্ত কিয় ল’লে দেশখনৰ চৰকাৰে? বিষয়টো আচৰিত যেন লাগিলেও পৰীক্ষামূলকভাৱেই এই সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি দেশখনৰ কেইবাটাও সংবাদ সংস্থাই দাবী কৰিছে৷ এনবিচি নিউজৰ প্রতিবেদন অনুসৰি, এই সিদ্ধান্তৰ কথা প্রথম ঘোষণা কৰা হয় ২১ মার্চত৷ সিদ্ধান্ত অনুসৰি যোৱা ১ এপ্রিলৰ পৰা ৭ এপ্রিল পর্যন্ত কলেজবোৰ বন্ধ ঘোষণা কৰা হৈছে৷ কলেজ কর্তৃপক্ষই ইয়াৰ নাম দিছে ‘স্প্রিং ব্রেক’ বুলি৷ বন্ধ হোৱা কলেজসমূহৰ ভিতৰৰ এখন হৈছে মিয়াংয়াং ফ্লাইং ভ’কেচনেল কলেজ৷ কলেজখনৰ কর্তৃপক্ষই শিক্ষার্থীসকলক জনাইছে যে এই বন্ধৰ সময়ত নিজৰ সংগীৰ সৈতে প্রেম আৰু ৰোমাঞ্চত জড়িত হৈ থকা উচিত৷ সংগী নথকাসকলক এসপ্তাহ সময়ৰ বাবে সংগী বিচাৰি জীৱন আৰু প্রকৃতিক উপভোগ কৰিবলৈ পৰামর্শ দিছে কলেজ কর্তৃপক্ষই৷

কলেজখনৰ ডেপুটী ডীনগৰাকীয়ে উল্লেখ কৰিছে যে শিক্ষার্থীসকলে এই সময়ৰ ভিতৰত প্রকৃতি আৰু বসন্ত কালক ১০০ শতাংশই উপভোগ কৰিব৷ ইয়াৰ ফলত শিক্ষার্থীসকলৰ চিন্তা–ভাবনাৰ বিকাশ ঘটাই নহয়, তেওঁলোকৰ শিক্ষণীয় ক্ষমতাও বৃদ্ধি পাব বুলি উল্লেখ কৰা হৈছে৷ কিন্তু মূল কাৰণটো হৈছে– চীনত জন্মৰ হাৰ দ্রুতগতিত হ্রাস পোৱা বিষয়টোক লৈ উদ্বিগ্ণ চৰকাৰ৷ কেনেদৰে শিশুৰ জন্মৰ হাৰ বৃদ্ধি কৰিব পাৰে, তাক লৈ চিন্তা–চর্চা কৰি আছে চৰকাৰে৷ গতিকে তৰুণ প্রজন্মৰ শিক্ষার্থীসকল প্রণয়পাশত আবদ্ধ হোৱাটো বিচাৰিছে চৰকাৰে৷

You might also like