নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী আঁচনিৰ ধনৰ লোভত নিজ ভাতৃৰে বিবাহ মহিলাৰ

🔹 উত্তৰ প্রদেশৰ ঘটনাক লৈ চাঞ্চল্য

🔹 বিয়াৰ দিনা সময়ত উপস্থিত হ’ব পৰা নাছিল ৰমেশ

বিশেষ বাৰ্তা, ১৯ মার্চ : উত্তৰ প্রদেশত সমূহীয়া বিবাহ আঁচনিৰ নামত ধন সৰকাবলৈ নিজৰ ভাতৃৰ ডিঙিতেই মালা পিন্ধালে এগৰাকী যুৱতীয়ে৷ সমূহীয়া বিবাহৰ আয়োজন কৰা হৈছিল যদিও নির্দিষ্ট দৰা আহি পোৱা নাছিল৷ তেতিয়া চিন্তাত পৰি যায় পাত্রী৷ বিয়া নহ’লে চৰকাৰী আঁচনিৰ ধন নাপাব৷ গতিকে ভাতৃৰ ডিঙিতে মালা পিন্ধাই দিলে কইনাই৷ উত্তৰ প্রদেশত সমূহীয়া বিবাহ আঁচনিৰ সৈতে জড়িত এই প্রতাৰণাৰ অভিযোগ উত্থাপন হৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি যোৱা ৫ মার্চত লখিমপুৰত এক সমূহীয়া বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ সেই অনুষ্ঠানত বিবাহপাশত আবদ্ধ হোৱাৰ বাবে নাম লিখিছিল প্রীতি যাদৱ আৰু ৰমেশ যাদৱে৷ কিন্তু বিয়াৰ দিনাখন সময় মতে অনুষ্ঠানত উপস্থিত হ’ব পৰা নাছিল ৰমেশে৷ শেষত উপায়হীন হৈ কইনা প্রীতিয়ে নিজ ভাতৃ কৃষ্ণক বিয়াৰ বাবে ৰাজী কৰায়৷ ঘটনা অকল ইমানখিনিয়েই নহয়, আৰক্ষীয়ে তদন্ত চলাই জানিব পাৰিছে যে প্রীতি বিবাহিত আছিল৷ ৰমেশৰ সৈতে বিয়া হৈছিল ১ বছৰ পূর্বে৷ কেৱল চৰকাৰী আঁচনিৰ ৫১ হাজাৰ টকা সৰকাবলৈ আকৌ সমূহীয়া বিবাহ অনুষ্ঠানত বিয়াৰ বাবে নাম লিখিছিল৷ উল্লেখ্য যে নিজৰ ভাতৃৰ সৈতে ৰীতি মতে বিবাহপাশত আবদ্ধ হৈ চৰকাৰী উপহাৰো লৈ যায় প্রীতিয়ে৷ বিষয়টো প্রশাসনৰ নজৰলৈ অহাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

You might also like