আবু ধাবিত ভাৰত মাতা কী জয়, মোদী হ্যে তো মুমকিন ধ্বনি
🔹 দুদিনীয়া ভ্রমণসূচীৰে সংযুক্ত আৰব শ্বাহীত প্রধানমন্ত্রী
বিশেষ বাৰ্তা, ১৪ ফেব্রুৱাৰী : দুুদিনীয়া ভ্রমণসূচীৰে ইউএইৰ আবু ধাবিত প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ কালি বিয়লি ৪ বজাত আবু ধাবিত উপস্থিত হোৱাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীক ইউএইৰ ৰাষ্ট্রপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানে আদৰণি জনোৱাৰ লগতে গার্ড অৱ অনাৰ দিয়ে৷ আনুষ্ঠানিকভাৱে দেশখনৰ ৰাষ্ট্রপতিয়ে প্রধানমন্ত্রী মোদীক আদৰণি জনোৱাৰ পাছতেই দুয়োগৰাকী নেতা দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ এই বৈঠকত দুয়োখন দেশৰ মাজৰ কৌশলগত দ্বিপাক্ষিক সম্পর্কক অধিক উন্নীতকৰণৰ ক্ষেত্রত বিতংভাৱে আলোচনা কৰা হয়৷ দুয়ো দেশৰ মাজত কেইবাটাও চুক্তি স্বাক্ষৰিত হয়৷ প্রধানমন্ত্রী মোদীয়ে আবু ধাবিত অৱতৰণ কৰি হোটেললৈ যোৱাৰ সময়ত প্রৱাসী ভাৰতীয়ই উষ্ম আদৰণি জনায়৷ প্রবাসী ভাৰতীয়ই ‘ভাৰত মাতা কী জয়’, ‘মোদী হেই তো মুমকিন’ ধ্বনিৰে মুখৰিত কৰি তোলে৷ এই ভ্রমণৰ সময়ছোৱাতে প্রধানমন্ত্রী মোদীয়ে আবু ধাবিত নির্মিত প্রথমটো হিন্দু মন্দিৰ উদ্বোধন কৰিব৷ মন্দিৰটো উদ্বোধন কৰাৰ লগতে প্রধানমন্ত্রী মোদীয়ে প্রবাসী ভাৰতীয়ক সম্বোধন কৰিব৷ আহলান মোদী কার্যসূচীত প্রধানমন্ত্রী মোদীয়ে প্রবাসী ভাৰতীয়ক সম্বোধন কৰে৷ আবু ধাবিৰ জায়েড ষ্টেডিয়ামত খোলা বাহনত প্রৱেশ কৰা প্রধানমন্ত্রী মোদীক ষ্টেডিয়ামত থকা কেইবাসহস্র প্রবাসী ভাৰতীয়ই মোদী মোদী ধ্বনিৰে আদৰণি জনায়৷ ভাৰত মাতা কী জয় ধ্বনিৰ মাজত প্রধানমন্ত্রী মোদীয়ে ষ্টেডিয়ামৰ চৌপাশে থকা উৎসাহী জনতাক দুহাতেৰে আদৰণি জনায়৷ সভা সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে ভাৰত–ইউএই জিন্দাবাদ ধ্বনি দিয়ে৷ এই ধ্বনিৰে ভাষণ আৰম্ভ কৰি প্রধানমন্ত্রীগৰাকীয়ে প্রবাসী ভাৰতীয় সম্প্রদায়ক তেওঁলোকৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় সম্প্রদায়ে বর্তাই ৰখা নিজস্ব সভত্য-সংস্কৃতিয়ে দুয়োখন দেশৰ মাজত সমন্বয়ৰ সাঁকো গঢ়ি তুলি ৰাখিবলৈ সক্ষম হৈছে বুলি কয়৷ আনপিনে, প্রধানমন্ত্রী মোদীয়ে বিশ্বৰ অর্থনৈতিক ক্ষেত্রখনত ভাৰতে নিজৰ স্থিতি শক্তিশালী কৰি তুলিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰাৰ লগতে দেশৰ এই অৱদানত প্রবাসী ভাৰতীয়ৰো পৰোক্ষ ভূমিকা থকা বুলি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে৷ তদুপৰি আজি প্রধানমন্ত্রী মোদীয়ে ডুবাইত বিশ্ব চৰকাৰ সন্মিলন–২০২৪ৰ সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি বিশ্ব নেতাক সম্বোধন কৰিব৷ ইউএইৰ প্রথমটো হিন্দু মন্দিৰ বিএপিএছ মন্দিৰটো ২৭ একৰ ভূমিত নির্মাণ কৰা হৈছে৷ আবু ধাবিৰ ৰাজকুমাৰ তথা ইউএইৰ সশস্ত্র বাহিনীৰ উপ–সেনাধিনায়ক শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানে ২০১৫ চনত দান কৰা ভূমিত বিএপিএছে হিন্দু মন্দিৰটো নির্মাণ কৰি উলিয়াইছে৷ এই মন্দিৰটো দ্বিতীয় বৃহত্তম মন্দিৰ হিচাপে স্বীকৃতি লাভ কৰিছে৷ মন কৰিবলগীয়া যে প্রধানমন্ত্রী মোদীয়ে বিগত বর্ষত ইউএই ভ্রমণ কৰি আবু ধাবিত দেশখনৰ সৈতে কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত বুজাবুজিৰ চুক্তি সম্পন্ন কৰিছিল৷ এই ভ্রমণসূচীতো দুয়োখন দেশৰ মাজত বাণিজ্য নৱীকৰণ, শক্তি, স্বাস্থ্য আদি বিভিন্ন খণ্ডত বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদীৰ এইটো হৈছে সপ্তমটো ইউএই ভ্রমণ৷