নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰৰ দুখন জিলাত অতিৰিক্ত সেনা মোতায়েন

বিশেষ বাৰ্তা, ২১ আগষ্ট : পূৰ্বৰ তুলনাত কাশ্মীৰত উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ ঘটনা বহু পৰিমাণে হ্ৰাস পাইছে যদিও নিয়ন্ত্ৰণ ৰেখাৰ গাতে লাগি থকা জিলা দুখন সন্দৰ্ভত চোৰাংচোৱা বিষয়াসকলে সেনাক সকীয়াই দিয়ে। চোৰাংচোৱা সংস্থাৰ পৰা সতৰ্কবাণী পোৱাৰ পিছতেই জিলা দুখনত অতিৰিক্ত সেনা মোতায়েন কৰা হৈছে। নিয়মীয়াকৈ টহলো দিছে। সেনাৰ সূত্ৰ অনুসৰি, জিলা দুখন হ’ল ৰাজৌৰী আৰু পুঞ্চ। পৰিসংখ্যা অনুসৰি ২০০০ চনৰ পিছত সমগ্ৰ কাশ্মীৰ উপত্যকাত মাজে মাজে উত্তেজনা বৃদ্ধি পালেও জিলা দুখন তুলনামূলকভাৱে শান্ত হৈ আছে। ইয়াৰ মাজতে অৱশ্যে কেইবাটাও হিংসাত্মক ঘটনাৰ বাবে ৰাজৌৰী আৰু পুঞ্চ বাৰে বাৰে সংবাদ শিৰোনামলৈ আহে। সেনা বাহিনীৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে গালৱানত চীনা সেনাৰ সৈতে হোৱা সংঘৰ্ষৰ পিছত এই দুখন জিলাত ক্ৰমান্বয়ে সেনা বাহিনী হ্ৰাস পায়। কিন্তু শেহতীয়াকৈ চোৰাংচোৱাই তথ্য লাভ কৰিছে যে পাকিস্তান সীমান্ত পাৰ হৈ এই দুখন জিলাত উগ্ৰপন্থীয়ে প্ৰৱেশ কৰিছে। সেয়ে জিলা দুখনত অতিৰিক্ত সেনা মোতায়েন কৰা হৈছে।

You might also like