নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহস্য উদঘাটনৰ লক্ষ্যৰে সূর্য অভিমুখে ‘আদিত্য–এল ১’

বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰ : সূর্যৰ ৰহস্য উদঘাটনৰ লক্ষ্যৰে ভাৰতৰ প্রথম সূর্য অভিযান আৰম্ভ ৷ চন্দ্রৰ দক্ষিণ মেৰুত চন্দ্রযান–৩ সফলতাৰে অৱতৰণ কৰাই ইতিহাস সৃষ্টি কৰাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ই আজি সূর্য অভিযানেৰে অংকিত কৰিলে মহাকাশ ইতিহাসত সোণালী স্বাক্ষৰ ৷ চন্দ্রৰ দক্ষিণ মেৰুত বিক্রম আৰু প্রজ্ঞানে অহৰহ নতুন নতুন তথ্য উদঘাটন কৰি থকাৰ সময়তে আজি দিনৰ ১১.৫০ বজাত শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্রৰ পৰা সূর্যলৈ প্রেৰণ কৰিলে ‘আদিত্য–এল ১’ ৷ বহু প্রত্যাশিত দেশৰ প্রথম সূর্য অভিযানৰ ‘আদিত্য–এল ১’ আজি দিনৰ ১১.৫০ বজাত পিএছএলভি–চি৫৭ ৰকেটেৰে সূর্যৰ দিশে লক্ষ্য কৰি সফল উৎক্ষেপণ কৰা হয় ৷ উৎক্ষেপণৰ প্রায় এঘণ্টাৰ ভিতৰতেই ৰকেটৰ চতুর্থ ষ্টেজৰ পৰা মহাকাশযানখন পৃথক হৈ পৰে ৷ ৰকেটেৰে সফল উৎক্ষেপণ কৰা ‘আদিত্য–এল ১’য়ে প্রথমতে পৃথিৱীৰ হেল’ কক্ষপথৰ ১৯,৫০০ কিলোমিটাৰলৈ গৈ তাৰ পৰা অভিযানৰ নির্ধাৰিত দূৰত্ব ১৫ লাখ কিলোমিটাৰলৈ যাত্রা আৰম্ভ কৰিব৷ পিএছএলভিৰ দীর্ঘতম অভিযান হিচাপে সূর্যগামী ‘আদিত্য–এল ১’ পৃথিৱীৰ কক্ষপথত প্রদক্ষিণ কৰি থাকি ১২৫ দিনৰ মূৰকত নির্ধাৰিত লক্ষ্যত উপনীত হ’ব৷ পৃথিৱীৰ পৰা প্রায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা পৃথিৱী আৰু সূর্য পদ্ধতিৰ মাজত লাগ্রাগিয়ান পইণ্টৰ এল ১ত ‘আদিত্য–এল ১’য়ে অৱস্থান কৰিব৷ ইয়াৰে পৰাই সূর্য আৰু নক্ষত্রটোৰ গতিশীল কার্যকলাপ অধ্যয়ন কৰিব ‘আদিত্য–এল ১’য়ে ৷ লাগ্রাগিয়ান পইণ্টৰ এল ১ হেল’ কক্ষপথত উপনীত হোৱাৰ পিছতেই ‘আদিত্য–এল ১’ৰ লগত সন্নিৱিষ্ট সাতটা বিশেষ বৈজ্ঞানিক সঁজুলিৰে সূর্যৰ অজানা তথ্য সংগ্রহত ব্রতী হ’ব ৷ ১৪৮০.৭ কিলোগ্রাম ওজনৰ সূর্যযানখনত থকা সাতটা বিশেষ বৈজ্ঞানিক সঁজুলি হৈছে ভিজিবল এমিছন লাইন ক’ৰোনাগ্রাফ (ভিইএলচি), ছোলাৰ আল্ট্রাভাই’লেট ইমেজিং টেলিস্কোপ (এছইউআইটি), ছোলাৰ লো এনার্জী এক্সৰে স্প্রেকট্র’ মিটাৰ (এছ’এলইএক্সএছ), হাইএনার্জী এল ১ অৰবিটিং এক্সৰে স্প্রেকট্র’ মিটাৰ (এইচইএল১অ’এছ), আদিত্য ছোলাৰ উইণ্ড পার্টিকুল এক্সপিৰিমেণ্ট (এএছপিইএক্স), প্লাজমা এনালাইজাৰ পেকেজ ফৰ আদিত্য (পিএপিএ) আৰু এডভান্স ট্রাই এক্সিয়েল হাই ৰিজুলেছন ডিজিটেল মেগনেটোমিটাৰছ৷ চন্দ্রযান–৩ৰ অবিস্মৰণীয় সফলতাৰ পিছত আজি শ্রীহৰিকোটাৰ পৰা দেশৰ প্রথম সূর্য অভিযান ‘আদিত্য–এল ১’ৰ সফল উৎক্ষেপণৰ পিছতে ইছৰ’ক অভিনন্দন জ্ঞাপন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রধানমন্ত্রীয়ে মোদীয়ে টুইটত কয়– চন্দ্রযান–৩ সফলতাৰ পিছত ভাৰতে মহাকাশ যাত্রা অব্যাহত ৰাখিছে ৷ ভাৰতৰ সূর্য অভিযান ‘আদিত্য–এল ১’ৰ সফল উৎক্ষেপণৰ বাবে ইছৰ’ৰ বিজ্ঞানী আৰু অভিযন্তাক অভিনন্দন৷ সমগ্র মানৱ জাতিৰ কল্যাণৰ বাবে বিশ্বব্রহ্মাণ্ডৰ জ্ঞান আহৰণত আমাৰ বিজ্ঞানীৰ বিশ্রামহীন পদক্ষেপ অব্যাহত থাকিব৷ উল্লেখ্য যে আজি ভাৰতে প্রথম সূর্য অভিযান আৰম্ভ কৰাৰ পূর্বেই আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপ, চীন আদিকে ধৰি কেইবাখনো দেশে এই অভিযান আৰম্ভ কৰিছিল৷ এই অভিযানেৰে সূর্য অভিযানত ভাৰতৰ নাম লিপিবদ্ধ হ’ল৷

You might also like