মাদ্রাছাত বোমাবর্ষণ আফগান সেনাৰ; শিশুসহ নিহত ১২জন
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ সংঘর্ষজর্জৰ আফগানিস্তানৰ উত্তৰ প্রান্তৰ প্রদেশ টাখাৰত এখন ধর্মীয় বিদ্যালয়ত আকাশমার্গৰ পৰা চৰকাৰী সেনাই চলোৱা আক্রমণত কমপক্ষেও ১২গৰাকী লোক নিহত হৈছে৷ নিহত লোকসকলৰ ভিতৰত ১১টা শিশুও আছে বুলি স্থানীয় সূত্রই সদৰী কৰিছে৷
স্থানীয় সংবাদ সূত্রই প্রকাশ কৰা অনুসৰি হাজাৰা কাৰলাগ নামৰ গাঁওখনৰ এক মাদ্রাছাত আকাশমার্গৰ পৰা সেনাই আক্রমণ চলাইছিল৷ অৱশ্যে আফগান চৰকাৰে এই সংবাদ সত্য নহয় বুলি ঘোষণা কৰিছে৷ চৰকাৰী বাহিনীয়ে উল্লেখ কৰা অনুসৰি গাঁওখনত চলোৱা আক্রমণত ১২ তালিবান যোদ্ধা নিহত হৈছে৷
স্মর্তব্য যে প্রদেশখনত তালিবানে চলোৱা আক্রমণত ডেৰ কুৰিতকৈ অধিক নিৰাপত্তা বাহিনীৰ কর্মী নিহত হোৱাৰ পিছতে সেনাৰ তৰফৰ পৰা এই আক্রমণ চলোৱা হৈছে৷ সেনা সূত্রই প্রত্যাক্রমণৰ ঘটনাত ১২ তালিবান যোদ্ধা নিহত হোৱা বুলি দাবী কৰিছে যদিও প্রত্যক্ষদর্শীয়ে উল্লেখ কৰা অনুসৰি মাদ্রাছাখনৰ এগৰাকী শিক্ষকসহ ১২জনৰ তাৎক্ষণিকভাৱে মৃত্যু হৈছে৷ অন্য ১৪টা শিশু বর্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে৷