নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেংক বিধ্বংসী ক্ষেপণাস্ত্র ‘নাগ’ৰ সফল পৰীক্ষা

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ ভাৰতে কালি সফলতাৰে সম্পন্ন কৰিছে টেংকবিধ্বংসী ক্ষেপণাস্ত্র ‘নাগ’ৰ পৰীক্ষা৷ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)ৰ তৰফৰ পৰা নির্মাণ কৰা হৈছে এই টেংকবিধ্বংসী ক্ষেপণাস্ত্র৷ ৰাজস্থানৰ পোখৰানত ৬.৪৫ বজাত কালি ক্ষেপণাস্ত্রটোৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হয়৷ ডিআৰডি’ৰ এক বিবৃতিত উল্লেখ কৰা হৈছে এই কথা৷ স্মর্তব্য যে সংবাদ সংস্থা এএনআইৰ তৰফৰ পৰা টেংকবিধ্বংসী এই ক্ষেপণাস্ত্রৰ পৰীক্ষাৰ আলোকচিত্র আৰু ভিডিঅ’ মুকলি কৰি দিয়া হৈছে৷ ক্ষেপণাস্ত্রটো উৎক্ষেপণ কৰাৰ মাত্র কেইছেকেণ্ড মানৰ ভিতৰতে ইয়াৰ লক্ষ্যস্থানত গৈ আঘাত কৰে আৰু ইয়াৰ বিধ্বংসী শক্তিৰ প্রমাণ দাঙি ধৰে৷

উল্লেখনীয় যে নাগৰ চূড়ান্ত পৰীক্ষা সফলতাৰে সম্পন্ন হোৱাৰ পিছতে ডিআৰডিঅ’ৰ তৰফৰ পৰা দেশৰ সশস্ত্র বাহিনীক এই ক্ষেপণাস্ত্র প্রদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ টেংকবিধ্বংসী নাগ ক্ষেপণাস্ত্র সশস্ত্র বাহিনীয়ে লাভ কৰাৰ পিছত দেশৰ সামৰিক শক্তিয়ে অন্য এক মাত্রা লাভ কৰিব বুলি নিৰাপত্তা বিশেষজ্ঞসকলে ঘোষণা কৰিছে৷

You might also like