নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনামূলীয়া ভেকচিনৰ প্রতিশ্রুতিৰে বিজেপিৰ ইস্তাহাৰ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ বাবে  বিজেপিয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিছে ইস্তাহাৰ৷ দলটোৰ এই নির্বাচনী ইস্তাহাৰ ‘সংকল্প পত্র’ মুকলি কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ এই সংকল্প পত্রত ‘আত্মনির্ভৰ বিহাৰ’ৰ শ্লোগান দিছে দলটোৱে৷ সংকল্প পত্রত ১৯ লাখ যুৱক–যুৱতীক শীঘ্রেই নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিছে দলটোৱে৷ ইয়াৰ উপৰি আইচিএমআৰে এবাৰ ক’ভিড ভেকচিনক অনুমোদন জনালেই বিহাৰৰ সকলো লোককে এই ভেকচিন বিনামূলীয়াকৈ যোগান ধৰিব বুলিও দলটোৱে সংকল্প পত্রত উল্লেখ কৰিছে৷

উন্নয়নৰ সকলো দুৱাৰ মুকলি কৰাৰ প্রতিশ্রুতি দিয়া বিজেপিয়ে বিহাৰৰ জনসাধাৰণক ভৱিষ্যতে আত্মনির্ভৰ কৰি তোলাৰো আশ্বাস দিছে৷ ইফালে, ক’ভিড–১৯ৰ ভেকচিন কেৱল বিহাৰৰ জনসাধাৰণক বিনামূলীয়াকৈ যোগান ধৰাৰ প্রতিশ্রুতি দিয়াৰ লগে লগে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিছে বিৰোধী দলসমূহে৷ বিজেপিয়ে ক’ভিড ভেকচিনৰ বিষয়টোক বিহাৰৰ ৰাজনৈতিক এজেণ্ডা হিচাপে ব্যৱহাৰ কৰা বুলি কেইবাগৰাকীও কংগ্রেছ নেতাই দলটোক কটাক্ষ কৰিছে৷

কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে বিজেপিৰ এই প্রতিশ্রুতিৰ পিছতে ক’ভিড ভেকচিনৰ পৰীক্ষা কোনটো পর্যায়ত আছে তাক লৈ প্রশ্ণৰ অৱতাৰণা কৰিছে৷ ইফালে, কংগ্রেছ সাংসদ শশী থাৰুৰেও নির্মলা সীতাৰমণৰ প্রতিশ্রুতিক লৈ কটাক্ষ কৰিছে৷ একে সময়তে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে বিজেপিৰ শাসন নথকা ৰাজ্যসমূহে বিনামূলীয়াকৈ ক’ভিড ভেকচিন লাভ নকৰিব নেকি, সেই প্রশ্ণ বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰিছে৷

You might also like