নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৭ বছৰ পাছত সন্তানক বিচাৰি পালে দম্পতীয়ে

🔹 আৰক্ষীৰ ডিএনএ ডাটাবেছে পিতৃ–মাতৃৰে মিলন ঘটালে যুৱকৰ

🔹 ২০০৯ চনত সন্তান সন্ধানহীন দম্পতীৰ তেজৰ নমুনা সংগ্রহ

নিউজ ডেস্ক, ১৭ আগষ্ট : সন্তানহাৰা পিতৃ–মাতৃৰ হাহাকাৰে যেন পৃথিৱীকো চকুলো টুকিবলৈ বাধ্য কৰালে৷ চীনৰ এক দম্পতীয়ে তেওঁলোকে হেৰুওৱা পুত্রক বিচাৰি পাইছে ৩৭ বছৰৰ পাছত৷ এই ঘটনাই কার্যতঃ চলচ্চিত্রৰ কাহিনীকো চেৰ পেলাইছে৷ চীনা সংবাদ পত্র ‘দ্য ছাউথ চাইনা মর্নিং প’ষ্ট’ত প্রকাশ হৈছে এই হৃদয়বিদাৰক কাহিনী৷ ১৯৮৬ চনত জন্মগ্রহণ কৰে এই শিশুটিয়ে৷ সেই সময়ত শিশুটিক তেওঁৰ আইতাকে তুলি দিয়ে অন্য এজন ব্যক্তিৰ হাতত৷ শিশুটিক বিক্রী কৰি দিয়ে ধনৰ বিনিময়ত৷ সেই সময়ত শিশুটিৰ বয়স হৈছিল মাত্র এদিন৷ বিষয়টো ঘুণাক্ষৰেও জানিব পৰা নাছিল শিশুটিৰ পিতৃ–মাতৃয়ে৷ শিশুটিৰ আইতাকে জনাই দিয়ে যে এনে এটি শিশুক পালন কৰাটো দম্পতীৰ বাবে সম্ভৱ নহ’ব৷ কাৰণ ইয়াৰ পূর্বেও শিশুটিৰ মাতৃয়ে দুটি সন্তান জন্ম দিছিল৷ কেইবছৰমানৰ ভিতৰতে শিশুটিৰ আইতাকৰ মৃত্যু হয়৷ পৰৱর্তী তিনিটা দশকতকৈ অধিক কাল ধৰি নিজৰ সন্তানক পাগলৰ দৰে বিচাৰি ফুৰিছিল পিতৃ–মাতৃয়ে৷ অৱশেষত সন্ধান পোৱা গ’ল যোৱা ফেব্রুৱাৰীত৷ ২০০৯ চনত চীনৰ আৰক্ষীয়ে বিশাল ডিএনএ ডাটাবেছ প্রস্তুত কৰে৷ যিসকল দম্পতীৰ সন্তান সন্ধানহীন হৈছিল, তেওঁলোকৰ তেজৰ নমুনা সংগ্রহ কৰা হৈছিল৷ ইয়াৰ উপৰি বহু পৰিয়ালে পালন কৰা শিশুৰো তেজৰ নমুনা সংগ্রহ কৰে আৰক্ষীয়ে৷ এনেদৰেই নিজৰ সন্তানক ৩৭ বছৰ পাছত পিতৃ–মাতৃয়ে বিচাৰি পায়৷ আগষ্ট মাহত পাং নামৰ যুৱকজনৰ সৈতে দেখা হয় পিতৃ–মাতৃৰ৷ কিন্তু অচিনাকি এক দম্পতীক পিতৃ–মাতৃ হিচাপে মানি ল’বলৈ প্রথমতে অপ্রস্তুত হৈ পৰে পাং৷ অৱশ্যে মুহূর্ততে পাঙৰ ভুল ভাগে আৰু পিতৃ–মাতৃক আঁকোৱালি লয়৷

You might also like