নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধবিৰতি উলংঘা : কাশ্মীৰ–পঞ্জাবত ড্রোন নিক্ষেপ পাকিস্তানৰ

🔹 মোদীয়ে দেশবাসীক সম্বোধনৰ পাছতে যুদ্ধংদেহি পাক সেনা

নিউজ ডেস্ক, ১৩ মে’ : প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘অপাৰেচন সিন্দূৰ’ক লৈ দেশবাসীক উদ্দেশ্যি ভাষণ প্রদানৰ পাছতেই পুনৰ যুদ্ধবিৰতি নীতি উলংঘা কৰি পাকিস্তানে আৰম্ভ কৰে কার্যকলাপ৷ সেনাৰ সূত্রই প্রকাশ কৰা অনুসৰি, জম্মু–কাশ্মীৰৰ ছাম্বা জিলাত নিশাৰ ভাগত পুনৰ দেখা গৈছে পাকিস্তানী ড্রোন৷ দেশৰ বায়ু প্রতিৰক্ষা ব্যৱস্থাই এই ড্রোনসমূহক বাধা দিয়াৰ সময়তে নিশাৰ আকাশত ৰঙা পোহৰ দেখা যায়৷ লগতে তীব্র বিস্ফোৰণৰ শব্দ শুনা গৈছিল৷ ইপিনে, পঞ্জাবৰ জলন্ধৰ আৰু হোচিয়াৰপুৰতো পাকিস্তানী ড্রোনৰ স্থিতি ধৰা পেলাইছে সেনাই৷ তথ্য মতে, হোচিয়াৰপুৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে৷ যুদ্ধবিৰতি উলংঘন কৰি পাকিস্তানী সেনাই পুনৰ ড্রোনেৰে আক্রমণ কৰাৰ পাছতে পঞ্জাবৰ কেইবাখনো জিলাত ব্লেকআউট ঘোষণা কৰা হৈছে৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি পাকিস্তানী সেনাৰ ড্রোন আক্রমণত কোনোধৰণৰ ক্ষতি অথবা মৃত্যুৰ খবৰ অহা নাই৷ সেনাৰ স্থানীয় বিষয়াসকলে প্রকাশ কৰা অনুসৰি, প্রায় ১৫ মিনিট সময় পাকিস্তানী ড্রোনে সীমা অতিক্রম কৰি ভাৰতৰ ভূমিলৈ সোমাই আহিছিল৷ এইক্ষেত্রত সেনা বাহিনীয়ে প্রতিৰোধমূলক ব্যৱস্থা গঢ়ি তোলে ৷

অপাৰেচন সিন্দূৰক লৈ সেনা বাহিনীৰ সংবাদ মেল

অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানে চলোৱা মিথ্যাচাৰ উদঙাই দিলে ভাৰতীয় সেনাই৷ পেহেলগাম নৰসংহাৰৰ প্রত্যাঘাত অপাৰেচন সিন্দূৰৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্ট সংঘাতৰ সময়ত আক্রমণ–প্রত্যাক্রমণক লৈ কালি সশস্ত্র সেনাই আয়োজন কৰা সংবাদ মেলত পাকিস্তানে চলোৱা মিথ্যাচাৰক উদঙাই দিয়ে৷ তিনি সশস্ত্র সেনাৰ শীর্ষ বিষয়াই সম্বোধন কৰা সংবাদ মেলত পাকিস্তানে ব্যৱহাৰ কৰা চীনৰ পিএল–১৫ মিছাইল, তুৰস্কৰ ৱাইআইএইচএ আৰু ছোনগাৰ ড্রোনৰ ধ্বংসাৱশেষ প্রদর্শন কৰি ভাৰতীয় সেনাই পাকিস্তানৰ আক্রমণ প্রতিহত কৰাৰ তথ্য দাঙি ধৰে৷ এয়াৰ মার্শ্বেল এ কে ভাৰতী, ভাইচ এডমিৰেল এ এম প্রমোদ, ডিজিএমঅ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘায়ে সম্বোধন কৰা সংবাদ মেলত বিৰাট কোহলি, ক্রিকেট আৰু ৰামচৰিত মানসৰ প্রসংগও উত্থাপন কৰে৷ দেশীয়ভাৱে নির্মিত বায়ু প্রতিৰক্ষা অস্ত্র আকাশ ব্যৱস্থাই পাকিস্তানৰ বায়ুসেনাৰ মিছাইল, ড্রোনৰ আক্রমণ প্রতিহত কৰি ভাৰতৰ প্রতিৰক্ষা খণ্ডত আত্মনির্ভৰতাৰ এক দুর্দান্ত প্রদর্শনো দেখুৱায় বুলি সশস্ত্র সেনাৰ বিষয়াকেইগৰাকীয়ে সংবাদ মেলত অৱগত কৰে৷ ভাৰতে সন্ত্রাসবাদীক আক্রমণ কৰা বিষয়টো পাকিস্তানী সেনাই নিজৰ ব্যক্তিগত যুঁজ হিচাপে মানি লোৱা বুলি উল্লেখ কৰি বিৰাট কোহলি, ক্রিকেট আৰু ৰামচৰিত মানসৰ বক্তব্যৰে পাকিস্তানক গৰিহণা জনায়৷ স্থল, নৌ আৰু বায়ুসেনাই ভাৰতক সুৰক্ষিত কৰি ৰাখিবলৈ সম্পূর্ণ সক্ষম বুলি উনুকিয়াই দি সংবাদ মেলত কয় যে ভাৰতৰ যুঁজ সন্ত্রাসবাদৰ বিৰুদ্ধে, পাকিস্তানী সেনাৰ বিৰুদ্ধে নহয়৷ কিন্তু সন্ত্রাসবাদীক সহায় কৰিলে পাকিস্তানে ভয়াৱহ পৰিণাম ভুগিব লাগিব৷ ডিজিএমঅ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘায়ে কয়– ভাৰতৰ বায়ুসেনা ঘাটি আৰু অস্ত্র যোগান ধৰা ঘাটিসমূহক লক্ষ্য কৰাটো অতি কঠিন৷ মই বিৰাট কোহলিৰ ক্রিকেট খেল দেখিছোঁ৷ অৱসৰ গ্রহণ কৰাও দেখিলোঁ৷ অনেক ভাৰতীয়ৰ দৰে তেৱোঁ মোৰ প্রিয় ক্রিকেটাৰ৷ ১৯৭০ চনৰ অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ মাজৰ এছেজ ছিৰিজৰ সময়ত দুগৰাকী অষ্ট্রেলিয়ান কিম্বদন্তী ফাষ্ট বলাৰ জেফ থমছন আৰু ডেনিছ লিলীয়ে ইংলেণ্ডৰ বেটিং তচনচ কৰি দিছিল৷ সেই সময়ত অষ্ট্রেলিয়াৰ দুর্দান্ত প্রদর্শন আমি দেখিছিলোঁ৷ ইপিনে, ৰামচৰিতৰ বাক্য উনুকিয়াই এয়াৰ মার্শ্বেল এ কে ভাৰতীয়ে কয়– তিনি দিনৰ ভিতৰতে পাকিস্তানৰ গর্ব ধূলিসাৎ কৰি দিছিল ভাৰতে৷ যিদৰে ভগৱান ৰামে তিনি দিন ধৰি সহযোগ কৰিব নিবিচৰা সাগৰক ধনুৰে শুকুৱাই দিম বুলি ঘোষণা কৰিছিল৷ আনহাতে, ভাইচ এডমিৰেল এ এন প্রমোদে কয় যে ভাৰতে সীমান্তত অহৰহ নিৰীক্ষণ কৰি আছিল৷ সেনাই বহুমুখী চেঞ্চৰ ব্যৱহাৰ কৰি পাকিস্তানৰ পৰা আহিব পৰা সকলো সম্ভাব্য আক্রমণ সন্দর্ভত বুজ লৈ আছিল৷ বায়ু প্রতিৰক্ষা মেকানিজমৰ জৰিয়তে এই সকলোবোৰ সম্ভৱ হৈ উঠিছিল৷ ছার্ভিলেঞ্চ বিমানৰ ওচৰত পাকিস্তানৰ পৰা আহিব পৰা সকলো ভাবুকি যেনে– ড্রোন, উচ্চ গতিসম্পন্ন মিছাইল, বিমান, সাধাৰণ বা যুদ্ধবিমান সকলোৰে গতিবিধি লক্ষ্য কৰি আছিল৷ উল্লেখ্য যে ভাৰতীয় সেনাই পাকিস্তানৰ বায়ু প্রতিৰক্ষা ব্যৱস্থা সম্পূর্ণৰূপে বিধ্বস্ত কৰিছিল৷ পাকিস্তানে ভাৰতৰ সেনা ঘাটিকে ধৰি বিভিন্ন আক্রমণ চলাই ব্যর্থ হোৱা বুলি সদৰী কৰি সংবাদ মেলত কোৱা হয় যে ভাৰতৰ সকলো সামৰিক ঘাটি, সকলো ব্যৱস্থা সম্পূর্ণ পৰিচালিত হৈ আছে আৰু প্রয়োজন হ’লে পৰৱর্তী অভিযানৰ বাবে সাজু হৈ আছে।

You might also like