নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বাদশটো সন্তানৰ পিতৃত্বৰ গৰাকী আমেৰিকান ধনকুবেৰ এলন মাস্ক

🎯‘নিউৰালিংক’ৰ বিশেষজ্ঞ জিলিছে দিলে জন্ম

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুনঃ বিশ্বৰ প্রথম স্থানত থকা ধনকুবেৰ তথা টেছলা কোম্পানীৰ চিইঅ’ এলন মাস্কে শেহতীয়াকৈ তেওঁৰ দ্বাদশটো সন্তানক আদৰণি জনাইছে৷ উল্লেখনীয় যে বিভিন্ন সময়ত জনসংখ্যা হ্রাসৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰি আহিছে মাস্কে৷ ‘ব্লুমবার্গ’ৰ প্রতিবেদন অনুসৰি ইয়াৰ পূর্বে ১১টা সন্তানৰ পিতৃত্ব লাভ কৰিছিল আমেৰিকান এই ধনকুবেৰে৷ ধনকুবেৰ মাস্কৰ শেহতীয়া সন্তানৰ মাতৃ হৈছে ছিভন জিলিছ৷ মাস্কৰ মগজু সংৰোপণ কোম্পানী নিউৰালিংকৰ সঞ্চালকৰ দায়িত্বত আছে চিকিৎসক জিলিছ৷ অৱশ্যে তাৎক্ষণিকভাৱে এই শিশুটিৰ লিংগ সন্দর্ভত কোনোধৰণৰ তথ্য সদৰী কৰা হোৱা নাই৷ স্মর্তব্য যে এলন মাস্কৰ শেহতীয়া শিশু সন্দর্ভত ‘ব্লুমবার্গ’ৰ এক নিবন্ধ প্রকাশ পায়৷ এই নিবন্ধৰ শিৰোনাম হৈছে ‘এলন ৱাণ্টছ ইউ টু হেভ মোৰ বেবীছ’৷ উল্লেখনীয় যে এই নিবন্ধটোত এলন মাস্কে জনসংখ্যা হ্রাসৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰি অহা বুলি উল্লেখ কৰা হৈছে৷ মাস্কৰ দ্বাদশ সন্তানৰ কথা পোহৰলৈ অহাৰ লগে লগে বিভিন্ন মহলে আশ্চর্য প্রকাশ কৰিছে৷ কিন্তু মাস্কে ঘোষণা কৰিছে যে এই শিশু জন্মৰ বিষয়টো গোপনীয় নহয়৷ ‘পেজ ছিক্স’ত মাস্কে এক বিবৃতিত উল্লেখ কৰিছে যে এই বিষয়টো তেওঁ সকলোকে জনোৱা নাছিল৷ কিন্তু তেওঁৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু মহলে বিষয়টো সন্দর্ভত পূর্বৰে পৰা সকলো খবৰ লাভ কৰিছিল৷ প্রযুক্তি ক্ষেত্রৰ ধনকুবেৰগৰাকীৰ দ্বাদশ সন্তান জন্ম হোৱা বিষয়টোক লৈ আন্তর্জাতিক সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ উল্লেখনীয় যে জিলিছৰ সৈতে এয়া মাস্কৰ তৃতীয়টো সন্তান৷ ইয়াৰ পূর্বে জিলিছে ২০২১ চনত জন্ম দিছিল যমজ সন্তান৷

You might also like