নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদী-ক উপযুক্ত শাস্তি দিয়াটো নিশ্চিত

📌 অমিত শ্বাহৰ হুংকাৰ– চুন চুন কে বদলা লেগা৷

নিউজ ডেস্ক, ২ মে’ : কাশ্মীৰৰ পেহেলগামত পাক সমর্থিত সন্ত্রাসবাদী-এ চলোৱা ভয়ংকৰ আক্রমণৰ পিছত প্রথমবাৰৰ বাবে ভাৰতবিৰোধী শক্তিক লক্ষ্য কৰি অমিত শ্বাহৰ হুংকাৰ– চুন চুন কে বদলা লেগা৷ দেশৰ চুক–কোণৰ পৰা সন্ত্রাসবাদ উভালি পেলোৱা হ’ব৷ নতুন দিল্লীত কালি বডোফা উপেন্দ্র নাথ ব্রহ্মৰ পৱিত্র স্মৃতিত এক প্রতিমূর্তি উন্মোচন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে পেহেলগামৰ ঘটনা সন্দর্ভত প্রথমবাৰৰ বাবে সন্ত্রাসবাদীলৈ কঠোৰ সতর্কবাণী প্রেৰণ কৰি কয়– যদি কোনোবাই কাপুৰুষৰ দৰে আক্রমণক তেওঁলোকৰ জয় বুলি ভাবে, তেন্তে তেওঁলোকে মনত ৰাখিব লাগিব যে এয়া নৰেন্দ্র মোদীৰ চৰকাৰ৷ দেশৰ প্রতিটো ইঞ্চিৰ পৰা সন্ত্রাসবাদক উভালি পেলোৱাটো আমাৰ সংকল্প৷ প্রধানমন্ত্রীৰ নেতৃত্বত ভাৰতে সন্ত্রাসবাদমূলক প্রতিটো কার্যক উপযুক্ত–নিখুঁত প্রত্যাঘাত জনাব৷ উল্লেখ্য যে পেহেলগামৰ নাৰকীয় হত্যাকাণ্ডক লৈ বিশ্বজুৰি সৃষ্টি হৈ থকা তুমুল প্রতিক্রিয়া আৰু পাকিস্তানৰ সৈতে মুকলি যুদ্ধৰ সম্ভাৱনাক লৈ চলা চর্চাৰ মাজতে কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কৰা এই মন্তব্যই যথেষ্ট তাৎপর্য বহন কৰিছে৷ যোৱা ২২ এপ্রিলত সংঘটিত পেহেলগামৰ ঘটনাৰ পিছতে খৰতকীয়াকৈ শ্রীনগৰত উপস্থিত হৈছিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ বর্বৰ এই ঘটনাৰ তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰি সেই সময়তে অমিত শ্বাহে এইবুলি মন্তব্য কৰিছিল যে সন্ত্রাসবাদী আক্রমণৰ লগত জড়িত কোনো এজনকে ৰেহাই দিয়া নহ’ব৷ কালি নতুন দিল্লীত ভাষণ প্রসংগত গৃহমন্ত্রীগৰাকীয়ে কয়– এই যুদ্ধ শেষ হোৱা নাই৷ প্রতিজন সন্ত্রাসবাদীক বিচাৰি উলিয়াই ইয়াৰ প্রতিশোধ লোৱা হ’ব৷ কোনোবাই যদি কাপুৰুষৰ দৰে এই আক্রমণ কৰি ভাবিছে যে তেওঁলোকৰ বৃহৎ জয় হৈছে, তেন্তে তেওঁলোকে এটা কথা স্পষ্টকৈ জানি লোৱা উচিত– ভাৰতত নৰেন্দ্র মোদীৰ চৰকাৰ চলি আছে, কোনো এজনকে ৰেহাই দিয়া নহ’ব৷ দেশৰ প্রতি ইঞ্চি ভূমিৰ পৰা সন্ত্রাসবাদ আৰু ইয়াৰ শিপা উভালি পেলোৱা হ’ব৷ এয়া আমাৰ সংকল্প আৰু ইয়াক কার্যকৰী কৰা হ’ব৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে সন্ত্রাসবাদী আক্রমণত যিসকল লোকৰ মৃত্যু হ’ল তেওঁলোকৰ পৰিয়ালক ক’ব বিচাৰোঁ যে এই ক্ষতি একমাত্র পৰিয়ালটোৰ ক্ষতিয়েই নহয়, আপোনালোকৰ মনত যি দুখ সেয়া দেশৰ প্রতিজন নাগৰিকৰ দুখ আৰু ক্ষতি হৈছে৷ অমিত শ্বাহে কয়– দেশবাসীক আজি মই জনাব বিচাৰিছোঁ, ’৯০ দশকৰ পৰা কাশ্মীৰত যি সন্ত্রাসবাদ চলি আছে, ইয়াৰ বিৰুদ্ধে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ শূন্য সহনশীলতা নীতিক শক্তিশালীভাৱে বলৱৎ কৰি অহা হৈছে৷ সেই সন্ত্রাসবাদী তথা সন্ত্রাসক সমর্থন কৰাসকলে এই কথা ভাবিব নালাগে যে ২৭জন লোকক হত্যা কৰি তেওঁলোকে বৃহৎ জয়লাভ কৰিছে৷ সকলো সন্ত্রাসবাদী তথা সন্ত্রাসৰ সমর্থনকাৰীসকলক মই ক’ব বিচাৰোঁ– যুদ্ধৰ এতিয়াও অন্ত হোৱা নাই৷ ইয়াৰ উত্তৰ দিয়া হ’ব আৰু উত্তৰো লোৱা হ’ব৷ সন্ত্রাসবাদত জড়িত সকলোকে বিচাৰি বিচাৰি নিধন কৰা হ’ব৷ সন্ত্রাসবাদৰ ক্ষেত্রত উত্তৰ–পূবেই হওক, নক্সালবাদেই হওক বা কাশ্মীৰৰ সন্ত্রাসেই হওক, আতংকৰ বিৰুদ্ধে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে সাহসেৰে ইয়াৰ প্রত্যুত্তৰ দি আহিছে৷ সন্ত্রাসবাদৰ বিৰুদ্ধে এই যুদ্ধত কেৱল দেশৰ ১৪০ কোটি জনতাই নহয়, সমগ্র বিশ্ব আমাৰ লগত আছে৷ উল্লেখ্য যে পেহেলগামৰ নৰসংহাৰক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা সপ্তাহত বিহাৰৰ মধুবনীত এক ৰাজহুৱা অনুষ্ঠানত ভাষণ প্রসংগত সতর্কবাণী জাৰি কৰি কৈছিল যে চৰকাৰে পৃথিৱীৰ শেষ প্রান্তলৈ গৈ হ’লেও এই ঘটনাৰ দোষীক বিচাৰি উলিয়াব৷ এই প্রসংগকে উনুকিয়াই কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে স্পষ্ট কৰে যে সন্ত্রাসবাদ নির্মূল নোহোৱালৈকে আমাৰ যুঁজ চলি থাকিব আৰু যিসকলে সন্ত্রাস সংঘটিত কৰিছে তেওঁলোকক উপযুক্ত শাস্তি নিশ্চিতভাৱে দিয়া হ’ব৷ এই সংকল্প কেন্দ্রীয় চৰকাৰৰ৷

You might also like