নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশুপ্ৰেম! এটা কুকুৰৰ বাবে তিনি কোটিটকীয়া বিলাসী বাহন

বিশেষ বাৰ্তা, ২৮ জুলাই : ভাৰতৰ লগতে বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানিৰ পৰিয়ালৰ বিলাসী জীৱন সকলোৰে জ্ঞাত৷ এই পৰিয়ালটোৰ পোহনীয়া কুকুৰৰো আছে এক বিলাসী জীৱন৷ অলপতে বিবাহক লৈ সৰ্বত্ৰে চর্চা চলা মুকেশ আম্বানিৰ কনিষ্ঠ পুত্র অনন্ত আম্বানিৰ আছে পোহনীয়া কুকুৰ৷ এই কুকুৰটোৱে বিলাসী বাহনত চলা–ফুৰা কৰে৷ সাধাৰণ দৃষ্টিত কুকুৰৰ বাবে কিমান দামী গাড়ী হ’ব পাৰে, সেয়া সহজে অনুমান কৰিব নোৱাৰে৷ শুনিলে অবিশ্বাস্য যেন লাগিলেও অনন্ত আম্বানিৰ পোহনীয়া কুকুৰটোৱে ঘূৰা বিলাসী বাহনখনৰ মূল্য ৩ কোটি টকা৷ মার্ছিডিজ বেঞ্জৰ এছ ক্লাছ ডব্লিউ ২২০ৰ লগতে ৰেঞ্জৰোভাৰ ভ’গ আৰু ৰোলছ ৰয়ছৰ গাড়ী আছে পোহনীয়া কুকুৰটো চলা–ফুৰা কৰাৰ বাবে৷ লক্ষণীয় যে অনন্ত আম্বানিয়ে পোহনীয়া কুকুৰ পোহাৰ নামত কোটি কোটি টকা ব্যয় কৰে৷ ইয়াৰ উপৰি অনন্তৰ এক পশুপ্রেমৰ নিদর্শন আছে৷ মুম্বাইৰ বাটে–ঘাটে থকা ৫,০০০তকৈ অধিক কুকুৰ উদ্ধাৰ কৰি অনন্ত আম্বানিয়ে আশ্রয় দি এই কুকুৰবোৰক সকলো ধৰণে পৰিচর্যা কৰি আহিছে৷ পৰিয়ালৰ লগত সকলো অনুষ্ঠানৰ কার্যসূচীত এই পোহনীয়া কুকুৰৰ স্থান অতি গুৰুত্বপূর্ণ৷ পোহনীয়া কুকুৰকেইটাক লৈ আম্বানিৰ পৰিয়ালে অতিথি আপ্যায়নৰ সময়তো নিজৰ দায়িত্ব পাহৰি নাযায়৷ কুকুৰৰ প্রতি পৰিয়ালটোৰ প্রেম এক চর্চাৰ বিষয় হৈ পৰিছে৷

You might also like