ট্রাম্পৰ শুল্ক বোমা, ভাৰতৰ পৰা ৫খন কার্গো বিমানত আইফোন ভর্তি কৰি ওভতাই নিলে এপলে
নিউজ ডেস্ক, ৮ এপ্রিলঃ ড’নাল্ড ট্রাম্পৰ বর্ধিত শুল্ক আৰোপে বিশ্বৰ বজাৰত ইতিমধ্যে হাহাকাৰ সৃষ্টি কৰিছে৷ আমেৰিকাত আমদানি হোৱা পণ্যত ১০ শতাংশ শুল্ক কার্যকৰী হৈ গৈছে যোৱা ৫ এপ্রিলত৷ কিন্তু এই শুল্ক বলৱৎ হোৱাৰ পূর্বেই মার্চৰ শেষ সপ্তাহতে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে মার্কিন সংস্থা এপ’লে৷ দাম বৃদ্ধিৰ আশংকাত ভাৰতত নির্মাণ হোৱা আইফোন ৫খন কার্গো বিমানত ভর্তি কৰি লৈ গৈছে সংস্থাটোৱে৷ শেহতীয়াকৈ এই তথ্য প্রকাশ কৰিছে এপ’লৰ এগৰাকী শীর্ষ বিষয়বীয়াই৷ মার্কিন সংস্থা হ’লেও ভাৰত আৰু চীনৰ দৰে দেশত উৎপাদন কাৰখানা আছে এপ’লৰ৷ সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি মার্চৰ শেষ সপ্তাহত মাত্র তিনি দিনৰ ভিতৰত এই সংস্থাটোৰ আইফোনসহ অন্যান্য বহু গেজেট পাঁচখন বিমানত ভর্তি কৰি লৈ গৈছে এপ’লে৷ বিষয়াগৰাকীয়ে দাবী কৰা অনুসৰি ৫ এপ্রিলৰ পৰা কার্যকৰী হৈছে ট্রাম্পৰ শুল্ক নীতি৷ গতিকে বিপুল পৰিমাণৰ আর্থিক ক্ষতি এৰাই চলিবলৈ এই আইফোনবোৰ আমেৰিকালৈ লৈ যোৱা হৈছে৷ অকল ভাৰতেই নহয়, চীনৰ উৎপাদন কাৰখানাৰ পৰাও বিপুল পৰিমাণৰ আইফোন ইতিমধ্যে আমেৰিকালৈ লৈ গৈছে এপ’লে৷ জানিব পৰা গৈছে যে বছৰৰ এই সময়ছোৱাত পণ্য পৰিবহণৰ পৰিমাণ কিছু কম হয়৷ কিন্তু এপ’লৰ এই পদক্ষেপে স্পষ্ট কৰি দিছে যে এয়া সাধাৰণ পৰিবহণ নহয়৷ অৱশ্যে ট্রাম্পে শুল্ক বৃদ্ধি কৰিলেও ভাৰত বা অন্যান্য দেশৰ বজাৰবোৰত এপ’লৰ পণ্যৰ ওপৰত মূল্যবৃদ্ধিৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰা হৈছে৷ কিন্তু ৰাষ্ট্রপতি ট্রাম্পৰ নীতিক লৈ উদ্বিগ্ণ এপ’লৰ দৰে একাধিক সংস্থা৷ এই সংস্থাসমূহে ভৱিষ্যতে কেনে কর্মপন্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷