নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইলী আৱাকছ ক্রয়ৰ চুক্তিত অনুমোদন কেন্দ্রৰ

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ লাডাখত চীনৰ সৈতে সংঘাতৰ মাজতে ভাৰতীয় সেনা বাহিনীক শক্তিশালীকৰণৰ আন এক পদক্ষেপ গ্রহণ কৰিলে কেন্দ্রীয় চৰকাৰে৷ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে পৰৱর্তী সপ্তাহতে দুখন ফেলকন এয়াৰবর্ন ৱার্নিং এণ্ড কণ্ড্র’ল ছিষ্টেমছ (আৱাকছ) ক্রয়ৰ চুক্তি সম্পন্ন কৰিব৷ ২ বিলিয়ন মার্কিন ডলাৰৰ চুক্তিৰে ইজৰাইলত নির্মিত আৱাকছ ক্রয়ৰ চুক্তিত অনুমোদন জনাইছে নিৰাপত্তা সম্পর্কীয় কেবিনেট কমিটীয়ে৷ উল্লেখ্য যে বর্তমান ভাৰতৰ হাতত তিনিখন ফেলকন আৱাকছ আৰু দুখন বিআৰডি’ নির্মিত আৱাকছ আছে যদিও প্রতিবেশী ৰাষ্ট্র চীন আৰু পাকিস্তানৰ তুলনাত সংখ্যাত কম৷

চীনৰ ২৮খন আৱাকছ থকাৰ বিপৰীতে পাকিস্তানৰ হাতত আছে ৭খন৷ উল্লেখ্য যে অতি জটিল পৰিস্থিতিত আকাশী যুদ্ধত আৱাকছে নির্দেশনা দিয়ে৷ ভাৰতীয় বায়ুসেনা বাহিনীয়ে বিগত বর্ষৰ ২৬ ফেব্রুৱাৰীত পাকিস্তানৰ বালাকোটত বিমানেৰে আক্রমণৰ সময়ত অধিক আৱাকছৰ প্রয়োজনবোধ কৰিছিল৷ সেইমর্মে নিৰাপত্তা সম্পর্কীয় কেবিনেট কমিটীয়ে দুবাৰৰ অন্তত আৱাকছ ক্রয়ৰ চুক্তিত অনুমোদন জনায়৷ মন কৰিবলগীয়া যে প্রথমবাৰ এই চুক্তিক লৈ কেবিনেট কমিটীয়ে দ্বিধাবোধ কৰি সেই প্রস্তাৱ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাললৈ প্রেৰণ কৰিছিল৷

ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে সকলো স্পষ্ট কৰাৰ পিছত দ্বিতীয়বাৰত কমিটীয়ে অনুমোদন জনায়৷ এই উচ্চ প্রযুক্তিৰ আৱাকছৰ উপৰি ভাৰতীয় সেনাই ২০০ ট্রেকটিকেল ড্র’ন ক্রয় কৰিব৷ তাৎপর্যপূর্ণ যে ইজৰাইলী আৱাকছ ক্রয়ৰ চুক্তিৰ সমান্তৰালকৈ বৰফাবৃত ছাছেৰ লাৰ পৰা দৌলত বেগ অল্ডিৰ সৈতে সংযোগ স্থাপন কৰিব পৰা পথ নির্মাণৰ কামো আৰম্ভ কৰিছে৷

You might also like