নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্রী ড০ শর্মাৰ সিদ্ধান্ত মানি নলয় সমষ্টিবাসীয়ে পাণ্ডুত প্রতিবাদ

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ জালুকবাৰীবাসীৰ নয়নৰ মণি অসমৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আগন্তুক বিধানসভাৰ নির্বাচনত অংশ লোৱাৰ আগ্রহ নাই বুলি সংবাদ মাধ্যমৰ আগত যি বক্তব্য দাঙি ধৰিছে তাক লৈ সমগ্র জালুকবাৰী সমষ্টিতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ তেওঁৰ বক্তব্যই সমর্থকসকলক হতাশাগ্রস্ত কৰি তুলিছে৷ সমর্থকসকলে শীঘ্রে তেওঁৰ সিদ্ধান্ত সলনি কৰি জালুকবাৰীবাসীক আনন্দিত কৰিবলৈ তেওঁৰ ওচৰত দাবী জনাইছে৷ এই সন্দর্ভত সমষ্টিটোৰ কেইবাজনো ব্যক্তিয়ে আগবঢ়োৱা প্রতিক্রিয়া এনেধৰণৰ– ড০ কার্তিক চন্দ্র মেধিঃ ড০ হিমন্ত বিশ্ব শর্মা জালুবাৰীবাসী ৰাইজৰ বাবে অস্কিজেন৷ সমষ্টিটোৰ ৰাইজৰ সকলো দুখ আৰু সুখৰ লগত তেওঁ নিবিডভাৱে জডিত৷ বিগত ২০টা বছৰত জালুকবাৰী সমষ্টিৰ চেহেৰাই সলনি কৰি ৰাজ্যৰ ১২৬টা সমষ্টিৰ ভিতৰতে অন্যতম সমষ্টি কৰি তুলিছে৷ তাৰ উপৰি মন্ত্রী ড০ শর্মা সমষ্টিটোৰ এগৰাকী অভিভাৱকো৷ তেওঁৰ অনুমতি অবিহনে কোনো এটা ৰাজহুৱা অনুষ্ঠান আজিলৈ অনুষ্ঠিত হোৱা নাই৷ গতিকে ড০ শর্মাক এৰি জালুকবাৰী সমষ্টিৰ মানুহ চলাটো অসম্ভৱ৷ কৃষ্ণ দাস (প্রাক্তন জিলা পৰিষদৰ সদস্য) জালুকবাৰী সমষ্টিৰ হিয়াৰ আমঠু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জালুকবাৰী সমষ্টিৰ ৰাইজৰ পৰা আঁতৰি থকাটো প্রশ্ণই হ’ব নোৱাৰে৷ ভাতৰ লগত যিদৰে পানী নাখালে নহয়, ঠিক তেনেদৰে হিমন্ত বিশ্ব শর্মা অবিহনে জালুকবাৰী সমষ্টিৰ ৰাইজ অচল৷ তেওঁ যদি সচাঁকৈয়ে আগন্তুক নির্বাচনত অৱতীর্ণ নহয়, তেন্তে সমষ্টিটোত এক তীব্র আন্দোলন হ’ব– যি আন্দোলনে সমষ্টিটো থান–বান কৰিব৷ তেওঁক কোনোপধ্যেই জালুকবাৰীৰ ৰাইজে এৰি নিদিয়ে৷ প্রয়োজনবোধে তেওঁৰ বাসগৃহ ঘেৰাও কৰি জালুকবাৰী সমষ্টি নেৰাৰ প্রতিশ্রুতি আদায় কৰিবলৈ ৰাইজ সদলবলে ওলাই যাব৷ জালুকবাৰীৰ ৰাইজ তেওঁৰ দুখত দুখি আৰু সুখত সুখী৷ গতিকে ৰাইজৰ অনুমতি অবিহনে তেওঁ এনে সিদ্ধান্ত ল’লে এক অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত৷ অৱশ্যে কেন্দ্রীয় মন্ত্রী পৰিষদত কিবা গুৰুত্বপূর্ণ দপ্তৰ লাভ কৰিলে তাত জালুকবাৰীৰ ৰাইজে গৌৰৱবোধ কৰিব৷ অন্যথা ড০ শর্মাক কোনোপধ্যে জালুকবাৰী এৰিব দিয়া নহ’ব৷ শৈলেন শর্মা (অৱসৰপ্রাপ্ত শিক্ষক, সমাজকর্মী)- ড০ হিমন্ত বিশ্ব শর্মা অবিহনে জালুকবাৰী সমষ্টিৰ ৰাইজ নিঠৰুৱা হৈ পৰিব৷ সমষ্টিৰ সকলো স্তৰতে সম উন্নয়নে জাতিষ্কাৰ কৰি তুলিছে জালুকবাৰীক৷তেওঁৰ সাহসী আৰু সময়োপযোগী সিদ্ধান্ত নতুন প্রজন্মৰ বাবে এক আদর্শৰ প্রতীক৷ তেওঁ বিধানসভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰাটো কেৱল নিজৰ সিদ্ধান্ত হ’ব নোৱাৰে৷ সেয়া জালুকবাৰী ৰাইজৰ সিদ্ধান্তৰ ওপৰতহে নির্ভৰ কৰিব৷ এনে মন্তব্য সমষ্টিটোৰ প্রায়ভাগ লোকৰে৷ সমষ্টিটোৰ ৰাইজে ড০ হিমন্ত বিশ্ব শর্মাক নির্বাচনত অৱতীর্ণ নোহোৱাৰ সিদ্ধান্ত ততালিকে সলনি কৰি জালুকবাৰীবাসীৰ ৰাইজৰ মন আনন্দিত কৰি তুলিবলৈ সর্বস্তৰৰ ৰাইজে অনুৰোধ জনাইছে৷

You might also like