অৰুণাচল–আকছাই চীনক নিজ ভূখণ্ডত অন্তর্ভুক্তিৰে চীনৰ মানচিত্র
🔹 জি–২০ সন্মিলনৰ প্রাক্মুহূর্তত ভাৰতৰ উদ্বেগ বৃদ্ধি
বিশেষ বাৰ্তা, ৩০ আগষ্ট : ভাৰতক পুনৰ প্রৰোচনা ৰঙা চীনৰ৷ ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি–২০ সন্মিলনৰ প্রাক্মুহূর্তত চীনে ভাৰতৰ ভূখণ্ডক নিজৰ বুলি দাবী কৰি নতুন মানচিত্র প্রকাশ কৰিলে৷ জি–২০ সন্মিলনত আমন্ত্রিত চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং নতুন দিল্লীলৈ অহাৰ পূর্বে দেশখনৰ এই প্রৰোচনা উদ্বেগজনক৷ অর্থাৎ জি–২০ সন্মিলনৰ পূর্বে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰিলে ৰঙা চীনে৷ বেইজিঙে নতুনকৈ প্রকাশ কৰা অর্থাৎ শেহতীয়া মানচিত্রৰ সংস্কৰণত ভাৰতৰ অৰুণাচল প্রদেশ আৰু আকছাই চীনক নিজৰ ভূখণ্ড বুলি প্রকাশ কৰিছে৷ চীনৰ চৰকাৰী ৱেবছাইট আৰু ছ’চিয়েল মিডিয়াত গ্ল’বেল টাইমছৰ সহযোগত প্রচাৰ হোৱা মানচিত্রখনত ভাৰতৰ অৰুণাচল প্রদেশ, আকছাই চীন অঞ্চলৰ লগতে টাইৱান আৰু বিবদমান দক্ষিণ চীন সাগৰো আছে৷ চীনৰ প্রাকৃতিক সম্পদ মন্ত্রালয়ৰ দ্বাৰা ৱেবছাইটযোগে মুকলি কৰা মানচিত্রখনত অৰুণাচল প্রদেশ, আকছাই চীনক সন্নিৱিষ্ট কৰি ৱেইজিঙে ভাৰতৰ ভৌগোলিক অখণ্ডতা আৰু সার্বভৌমত্বৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ উল্লেখ্য যে চীনে ইয়াৰ পূর্বেও মানচিত্রত অৰুণাচল প্রদেশ, আকছাই চীনক নিজৰ বুলি দাবী কৰি মানচিত্র প্রকাশ কৰি আহিছে৷ ভাৰতে ইয়াক লৈ তীব্র আপত্তি, বিৰোধ কৰাৰ পাছতো বেইজিঙে নতুন দিল্লীৰ স্থিতিক লৈ কোনো গুৰুত্ব আৰোপ কৰা নাই৷ তাৎপর্যপূর্ণ যে চীনে অৰুণাচল প্রদেশৰ ১১ স্থানৰ নাম নতুনকৈ নামকৰণ কৰিছিল চলিত বর্ষৰ এপ্রিল মাহত৷ তদুপৰি তিব্বতৰ দক্ষিণ প্রান্তৰ অংশ হিচাপে অৰুণাচল প্রদেশক অন্তর্ভুক্ত কৰিছিল৷ মন কৰিবলগীয়া যে দক্ষিণ আফ্রিকাৰ জোহান্সবার্গত অনুষ্ঠিত হৈ যোৱা ব্রিকছ সন্মিলনত অলপতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ মাজত চমু বার্তালাপ হয়৷ এই বার্তালাপৰ সময়ত সীমা বিবাদক লৈ দুয়োজন নেতাই আলোচনা কৰিছিল৷ কিন্তু ইয়াৰ পাছতে চীনে ভাৰতৰ ভূখণ্ডক নিজৰ বুলি দাবী কৰি মানচিত্র প্রকাশ কৰাটোৱে দেশখনৰ ভাৰতৰ প্রতি থকা বৈৰিতাকে প্রমাণ কৰে৷ শেহতীয়াভাৱে চীনৰ নতুন মানচিত্রক লৈ তীব্র বিৰোধিতা কৰিছে নতুন দিল্লীয়ে৷