নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রসিদ্ধ লেখিকা অৰুন্ধতী ৰয়লৈ ‘পেন পিনটাৰ’ বঁটা

বিশেষ বাৰ্তা, ২৮ জুন : বুকাৰ বঁটা বিজয়ী প্রসিদ্ধ লেখিকা অৰুন্ধতী ৰয়লৈ আগবঢ়োৱা হৈছে পেন পিনটাৰ বঁটা ২০২৪৷ ন’বেল বঁটা বিজয়ী নাট্যকাৰ হেৰল্ড পিনটাৰৰ স্মৰণত ২০০৯ চনৰ পৰা প্রদান কৰি অহা এই সন্মানীয় বঁটাটো চলিত বর্ষৰ বাবে বুকাৰ বিজয়ী ভাৰতীয় লেখিকা অৰুন্ধতী ৰয়লৈ আগবঢ়াইছে ইংলিছ পেনে৷ ব্রিটিছ লাইব্রেৰীত অহা ১০ অক্টোবৰত আয়োজিত এক অনুষ্ঠানত এই বঁটাটো আনুষ্ঠানিকভাৱে ৰয়ক প্রদান কৰা হ’ব৷ এই অনুষ্ঠানত লেখিকা ৰয়ে এক বক্তৃতা প্রদান কৰিব৷ পেন পিনটাৰ বঁটা ২০২৪ অৰুন্ধতী ৰয়লৈ আগবঢ়োৱা এই বঁটাৰ জুৰীয়ে কয় যে লেখিকা ৰয়ৰ শক্তিশালী কণ্ঠক ৰুদ্ধ কৰিব নোৱাৰি৷ ‘দ্য গড অৱ স্মল থিংছ’ উপন্যাসেৰে বিশ্ব সাহিত্যত ব্যতিক্রমী ৰচনাশৈলী আৰু বিষয়বস্তুৰে প্রতিষ্ঠা কৰা অৰুন্ধতী ৰয়ৰ বলিষ্ঠ কণ্ঠক ৰোধ কৰিব নোৱাৰি৷ তেওঁৰ প্রতিটো লেখাতে সমাজৰ বলিষ্ঠ কণ্ঠ হিচাপে প্রতিফলিত হয়৷ এইবেলি বঁটা প্রদানৰ জুৰী হিচাপে আছে ইংলিছ পেনৰ অধ্যক্ষ ৰুথ বর্থৱিক, অভিনেতা খালিদ আব্দুলা আৰু লেখক ৰ’জাৰ ৰবীনছন৷ শক্তিশালী বক্তব্যৰে উপন্যাসকে ধৰি বিভিন্ন প্রবন্ধ–গল্প লিখা বুকাৰ বিজয়ী অৰুন্ধতী ৰয়ক বঁটাটো আগবঢ়োৱাৰ পূর্বে এই বঁটা লাভ কৰিছিল মাইকেল ৰ’জেন, মার্গাৰেট এটউড, মেল’ৰি ব্লেকমেন, ছলমান ৰুশ্বডি, টম ষ্ট’পার্ড আৰু কেৰল এণ্ড ডাফিয়ে৷

You might also like