নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাঁ চলচ্চিত্ৰ মহোৎসৱত সংযুক্তা দত্তৰ ডিজাইনৰ মেখেলা-চাদৰ পৰিধান বিশ্বশ্ৰেষ্ঠ মডেলৰ

বিশেষ বাৰ্তা, ৩১ মেঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ ৰেচম শিল্প। অসমৰ ডিজাইনাৰ সংযুক্তা দত্তই কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ লৈ গ’ল অসম ৰেচম। অসমৰ হস্ততাঁত শিল্পক বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই দিলে সংযুক্তা দত্তই। ক্যাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত অসম জীয়ৰী সংযুক্তা দত্তৰ ডিজাইনৰ পাট কাপোৰ বিশ্বৰ দুগৰাকী শ্ৰেষ্ঠ মডেলে পৰিধান কৰিছে। ইয়াৰ জৰিয়তে অসমৰ মেখেলা চাদৰ জিলিকিল বিশ্বৰ সৰ্ববৃহৎ উৎসৱত। যোৱা দুবছৰৰ দৰেই “Top Model United Kingdom Winner”, “Miss Film Festival International”, Indriga Ilgine-এটা সেউজীয়া গাউন আৰু নিউয়ৰ্কৰ আগশাৰীৰ মডেল মিৰ্কা হৱাৰ্ডে এযোৰ ক’লা মেখেলা চাদৰ পৰিধান কৰি ৰেড কাৰ্পেটত খোজ দিয়ে। উল্লেখযোগ্য যে ইংলেণ্ডৰ আগশাৰীৰ মডেল ইনড্ৰিজা ইজাইনে আজি তিনি বছৰে Cannes Film Festivalsৰ ৰেড কাৰ্পেটত সংযুক্তা দত্তৰ ডিজাইন পৰিধান কৰি আহিছে।

You might also like